ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ বাবে সুখবৰ৷ দেওবাৰে গোলাঘাট়ৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা ৫ জন ক’ৰ’ণা ৰোগীৰ ভিতৰত ৪ জনক চিকিৎসকে সুস্থ ঘোষণা কৰাৰ লগতে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়৷
ক’ৰ’ণা সুস্থ হৈ উঠা ৰোগী কেইজন হ’ল দেৰগাঁও দীঘলীপামৰ আনোৱাৰা হুছেইন, মৰঙি ঢুলীয়া গাঁৱৰ এলিনা বেগম, মেৰাপানীৰ ভেলৌগুৰিৰ ৰহিমুদ্দিন আহমেদ আৰু মেৰাপানী চালেহা বেগম৷ ইয়াৰে মেৰাপানী ইছলামপুৰৰ জেছমিন বেগম নামৰ মহিলাগৰাকীৰ স্বোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱাত বৰ্তমান চিকিৎসাধীন অৱস্থাতে আছে৷
উল্লেখ্য যে গোলাঘাটত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ৯ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত সকলোৰে দৃষ্টিগোচৰ কৰিছিল৷ গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক আৰু চিকিৎসালয়ৰ অধীক্ষকে আজি ক’ৰ’ণা মুক্ত আটাইকেউজনকে এখনকৈ গামোচা আৰু ফল মূলৰ পাচিৰে বিদায় দিয়ে।
ইফালে যোৱা ১৮ এপ্ৰিলত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গোলাঘাটত উপস্থিত হৈ জিলাখনৰ পৰিস্থিতি বুজ লোৱাৰ লগতে নতুনকৈ জিলাখনত ক’ভিড-১৯ চিকিৎসালয় মুকলি কৰাৰ অন্তত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়খনত উপস্থিত হৈ ৪ গৰাকী কৰ’ণা ৰোগীক ৰিলিজ দিছিল।
আজি ৰিলিজ দিয়া ৪ জনসহ মুঠ ৮ জন লোক এই ভাইৰাছৰ পৰা মুক্ত হৈছে৷ স্মৰ্তব্য যে বৰ্তমান এইকেইজনক ফেচিলেট কোৱাৰেন্টাইন অৰ্থাৎ গোলাঘাট নগৰস্থিত এনাজৰী বিবাহ ভৱনত ১৪ দিনৰ বাবে ৰখা হ’ব বুলি জানিব পৰা গৈছে৷
আজি সুস্থ হৈ উঠা চাৰিজন ৰোগীয়েই স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ শলাগ লোৱাৰ লগতে এই যুজঁত প্ৰতিটো মুহূৰ্ততে মন্ত্ৰীগৰাকীৰ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। লগতে ভৱিষ্যতে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ভৱিষ্যতৰ সপোন সফল হোৱাৰ কামনা কৰে৷













