ASSAM TIMES POST
কাৰ্বিআংলঙ : পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ পৰা আজি প্ৰায় ৫০০ গৰাকী যাত্ৰীয়ে নিজ নিজ গৃহ জিলালৈ যাত্ৰা আৰম্ভ কৰে ৷ কোভিড-১৯ৰ ভয়াবহতাৰ বাবে চৰকাৰে ঘোষনা কৰা লকডাউনত জিলাখনলৈ বিভিন্ন ঠাইৰ পৰা অহা এইলোকসকল লোকক আজি জিলা প্ৰশাসনে নিজ নিজ গৃহজিলালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷
ডংকামোকাম ৱাইছং ষ্টেডিয়ামৰ পৰা ১৭ খনকৈ আল্ট্ৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিবলগীয়া এইসকল যাত্ৰীক স্বাস্থ্যবিভাগে প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰি মাস্ক বিতৰণ কৰে ৷ প্ৰশাসনৰ এই প্ৰদক্ষেপক সকলোয়ে একেমূখে শলাগ লয় ।













