ASSAM TIMES POST
নগাঁও : কলং নৈ নগঞা জনজীৱনৰ প্ৰাণৰ স্পন্দন।কলঙৰ পাৰতেই নগঞা ৰাইজৰ সাহিত্য, সংস্কৃতি, অৰ্থনীতি আদি সকলো দিশৰ বিকাশ ঘটিছিল। নগাঁওবাসীৰ হৃদপিণ্ড স্বৰূপ কলঙৰ পাৰতেই দেৱকান্ত বৰুৱাৰ, নৱকান্ত বৰুৱাৰ , মহিম বৰাৰ দৰে নমস্য ব্যক্তিয়ে নিজৰ সৃষ্টি ৰাজিক উজলাই তুলিছিল।
কলঙত নাও মেলি দি এসময়ত বানিজ্য কৰিছিল সাউদ ভোলানাথ বৰুৱাই।পৰিতাপৰ বিষয় যে প্ৰৱাহমান কলঙক যোৱা শতিকাৰ ষষ্ঠ দশকত বান আৰু গৰাখহনীয়াৰ অজুহাতত মুখ বন্ধ কৰি দিয়া হৈছিল।
প্ৰাণ চঞ্চল কলঙখন সেই দিন ধৰি স্তব্ধ হৈ পৰে। লগে লগে লোপ পাবলৈ ধৰে বোৱতী কলঙৰ সজীৱতা। সমান্তৰালকৈ মানুহৰ যান্ত্রিকতা আৰু নগৰীয়া জীৱনৰ প্ৰভাৱত কলং প্ৰদুষিত হবলৈ ধৰে ।বিশেষকৈ বিগত দুটা দশকত কলঙত সৃষ্টি হোৱা প্ৰদুষণক লৈ নগাঁৱৰ সচেতন মহল উদ্বিগ্ন হৈ পৰে। বিভিন্ন ব্যক্তি আৰু দল , সংগঠনে কলঙক পুনৰ বোৱাই নিবৰ বাবে দাবী উত্থাপন কৰি আহিছে।
আনহাতে কলঙক পুনৰ উজ্জীৱিত কৰাৰ লগতে ইয়াৰ দুয়োপাৰৰ সৌন্দৰ্য্য বৰ্ধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই। শেহতীয়াকৈ বিধান সভাৰ মজিয়াত বিধায়ক ৰূপক শৰ্মাৰ এক প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কলঙক প্ৰদূষণ মুক্ত কৰি পুনৰ প্ৰবাহিত কৰিব বুলি ঘোষণা কৰে যদিও মন্ত্ৰীগৰাকীৰ এই ঘোষণা কেতিয়াকৈ বাস্তৱায়িত হব তাক লৈ প্ৰশ্নৰ উদয় হৈছে ।
কলঙক লৈ বিগত চৰকাৰৰ অৱহেলা আৰু বৰ্তমানৰ চৰকাৰৰ জল্পনা-কল্পনাৰ মাজতে যেন লকডাউনৰ সময়ছোৱাত কলঙক লৈ এক আশাৰ সঞ্চাৰ হৈছে । বিগত এমাহত লকডাউনৰ সময়ছোৱাত জনসাধাৰণ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ বাবে পাৰিপাৰ্শ্বিক ক্ষেত্ৰত প্ৰদূষণ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।
যাৰ ফলত কিছু পৰিস্কাৰ হৈছে কলং নৈ। নগাঁৱৰ সচেতন মহলৰ লগতে এই কথা স্বীকাৰ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই সন্দৰ্ভত বিধায়ক শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে লকডাউনৰ যিদৰে ঋণাত্মক প্ৰভাৱ আছে একেদৰে ইয়াৰ ধনাত্মক প্ৰভাৱো আছে।
লকডাউনৰ সময়চোৱাত মানুহৰ সমাগম আৰু যানবাহনৰ চলাচল হ্ৰাস পোৱাৰ বাবে আমি এখন প্ৰদূষণ মুক্ত সমাজ পাইছো। আনহাতে কলং নৈ নগাঁৱৰ জনজীৱনৰ আয়ুস ৰেখা বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই লগতে কয় যে লকডাউনৰ সময়চোৱাত প্ৰাকৃতিকভাবে কলং নৈ পৰিস্কাৰ হৈ উঠাটো আমাৰ বাবে সুখবৰ।













