ASSAM TIMES POST
নগাঁও:ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও শাখাৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত আজি নগাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
মঞ্চৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক গুনেন্দ্ৰ চক্ৰৱৰ্তীৰ নেতৃত্বত যোৱা এটা দলে
আজি নগাঁও চহৰৰ মধুপুৰ অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দালি, মিঠাতেল,
চেনি, গাখীৰ, আলু, পিয়াঁজ আদিৰ এটাকৈ টোপোলা প্ৰদান কৰে। বিজ্ঞান মঞ্চৰ এনে প্ৰয়াসক সকলোৱে শলাগ লৈছে।













