ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে৷ লকডাউনৰ এই সময়চোৱাত ছাত্ৰ-ছাত্ৰী, কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজ অধিক ক্ষতিগ্ৰস্ত হৈছে৷
সেয়েহে সোমবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই এইসমূহ সমস্যা সমাধান কৰাৰ দাবীৰে জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে৷ বিশেষকৈ গোলাঘাট জিলাত ডিজিটেল পৰীক্ষা অনুষ্ঠিত কৰা ব্যৱস্থাটোৰ বিৰোধিতা কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল আৰু সাধাৰণ সম্পাদক প্ৰিন্স দলেৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি ১৬ মাৰ্চৰ পৰা বিদ্যালয়, মহাবিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হৈছে৷
তেনেক্ষেত্ৰত বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে ডিজিটেল পাঠদানৰ ব্যৱস্থা কৰা কাৰ্য আদৰণীয় জনাইছে৷ কিন্তু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল এই ব্যৱস্থাৰ দ্বাৰা কেনেকৈ উপকৃত হ’ব সেই বিষয়টোও চিন্তাচৰ্চা কৰাৰ প্ৰয়োজন৷ ডিজিটেল পাঠদানৰ লগতে বাধ্যতামূলক ডিজিটেল পৰীক্ষাৰ যি ব্যৱস্থা কৰিছে তাৰ ফলত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে৷
চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ৮৫% ছাত্ৰ-ছাত্ৰী আৰ্থিকভাৱে দৰিদ্ৰ৷ ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ হাতত এনৰইড মোবাইল নাই৷ এনে ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে উপকৃত কৰিব সেয়াও বিচাৰ্যৰ বিষয়৷ লকডাউনে আৰ্থিকভাৱে কোঙা কৰা দৰিদ্ৰ অভিভাৱক সকলক এনৰইড মোবাইল কিনি দিবলৈ বাধ্য কৰাটো কিমান গ্ৰহণযোগ্য৷ ইফালে ইয়াৰ দ্বাৰা পৰীক্ষাৰ অত্যাৱশ্যকীয় নীতিগত বিষয়বোৰো মানি চলা হোৱা নাই৷
সেয়েহে ডিজিটেল অৰ্থাৎ হোৱাটএপৰ জৰিয়তে পৰীক্ষা ব্যৱস্থা বন্ধ কৰাৰ দাবী জনায়৷ অন্যহাতে গোলাঘাট জিলাৰ অৰ্থনীতি সম্পূৰ্ণ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ লকডাউনৰ ফলত কৃষক সকলৰ উপযুক্ত সাহাৰ্য আৰু ক্ষতিপূৰণ দিয়া, দৰিদ্ৰ জনসাধাৰণক চৰকাৰৰ তৰফৰ পৰা জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰা আৰু শেহতীয়াভাৱে হোৱা ধুমুহাত জিলাখনৰ আঠখেলীয়া, শালিকীহাট আদি বহুকেইখন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত সাহায্য আৰু ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷













