ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ দ্বিতীয় পৰ্যায় শেষ হোৱাৰ দিশে। এনে সময়তে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহে প্ৰধান মন্ত্ৰী। অৱশ্যে সময়ৰ অভাৱত ৯জন মুখ্যমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে কথা পাতে।
ইয়াৰে দুজনৰ বাহিৰে বাকীসকলে লকডাউন উঠাই লোৱাৰ সপক্ষে মত দিয়ে।জানিব পৰা মতে, এই বিষয়ত বিশদ আলোচনাৰ বাবে অহা ২৯ এপ্ৰিল’ত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠক। উক্ত বৈঠকত সিদ্ধান্ত হ’ব লকডাউনৰ ম্যাদ বৃদ্ধি হ’বনে নাই সেই সম্পৰ্কত।
অৱশ্যে বিশেষ সূত্ৰে জানিব পৰা মতে, ক’ৰ’ণাৰ হটস্পট আৰু ৰেড জ’নক বাদ দি বাকী ঠাইসমূহত লকডাউন শিথিল কৰাৰ দিশে আগবাঢ়িছে চৰকাৰ। কিন্তু হটস্পটসমূহত লকডাউনৰ নিয়ম পূৰ্বতকৈ কঠোৰ হ’ব বুলি জানিব পৰা গৈছে।












