ASSAM TIMES POST
নিউজ ডেস্ক:
কৰ্মচাৰীৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাৰ ফলত বন্ধ হ’ল কেন্দ্ৰীয় চৰকাৰৰ এটা কাৰ্যালয়৷ মঙলবাৰৰ পৰা অহা ৪৮ ঘণ্টাৰ বাবে চীল কৰা হ’ল দিল্লীৰ নীতি আয়োগৰ ভৱন৷ মঙলবাৰে পুৱা ৯ বজাত এই কাৰ্যালয়ৰ এজন কৰ্মীৰ দেহাত ক’ভিড-১৯ৰ ৰিপৰ্ট পজিটিভ পায়৷
তাৰ পাছত দ্ৰুত পদক্ষেপ লৈ কৰ্তৃপক্ষই এই কাৰ্যালয়টো চীল কৰি দিয়ে৷ নীতি আয়োগৰ তৰফৰ পৰা এই কথা জানিবলৈ দি কয়, নীতি ভৱনৰ সঞ্চালক পৰ্যায়ৰ এজন বিষয়াৰ পজিটিভ ধৰা পৰে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা আৰু নিয়মাৱলী সম্পূৰ্ণৰূপে মানি চলিছে নীতি আয়োগে৷ ভৱনটো চীল কৰি দিয়া হ’ল৷
আজি পুৱা ভৱনটো জীৱাণুমুক্ত কৰাৰ কাম চলিছে৷ সম্পূৰ্ণ ছেনিটাইজাৰ কৰাৰ ৪৮ ঘণ্টাৰ পাছত কাৰ্যালয়টো মুকলি কৰি দিয়া হ’ব৷ আনহাতে সঞ্চালকৰ সংস্পৰ্শলৈ অহা লোকক ছেল্ফ কোৱাৰেণ্টাইনলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে৷












