ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা সংক্ৰমনে ইতিমধ্যেই বিশ্বত অতিমাৰীৰ ৰূপ লৈছে। প্ৰতিদিনে বাঢ়িছে আক্ৰান্তৰ সংখ্যা বাঢ়িছে মৃত্যু মিছিল। এইবাৰ আন এক বিপদ আহিছে মহাকাশৰ পৰা। বিজ্ঞানীসকলে জনাইছে, অহা ২৪ ঘণ্টাত ভয়ংকৰভাৱে পৃথিৱীৰ দিশে আগুৱাই আহিছে এক গ্ৰহাণু।
যাক লৈ উদ্বিগ্ন বৈজ্ঞানিক মহল।প্ৰায় ডেৰ মাহ পূৰ্বে মার্কিন মহাকাশ সংস্থা নাছাই প্ৰকাশ কৰিছিল যে খুব ডাঙৰ এটি গ্ৰহাণু পৃথিৱীৰ দিশে দ্ৰুতগতিত আগুৱাই আহি আছে। জানিব পৰা মতে, এই গ্ৰহাণুৰ আকাৰ এভাৰেষ্টতকৈও কেইবা গুণে ডাঙৰ।গ্ৰহাণুটোৰ গতি ঘণ্টাত ৩১,৩১৯ কিঃমিঃ।
অৰ্থাৎ প্রতি ছেকেণ্ডত প্ৰায় ৮.৭২ কিঃমিঃ। যদি এই গতিত ই পৃথিৱীৰ কোনো অংশত আঘাত কৰে, তেতিয়া ই এক ডাঙৰ ছুনামি বা ভূমিকম্প আনিবই। যাৰ ফলত মুহূৰ্তৰ ভিতৰতে অনেক দেশ ধ্বংস হৈ যাব।অৱশ্যে নাছাই জনোৱা মতে, এই গ্ৰহাণুক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই।
পৃথিৱীৰ পৰা প্ৰায় ৬২.৯০ লাখ কিঃমিঃ দূৰৈৰ পৰাই গুচি যাব এই গ্ৰহাণু। মহাকাশ বিজ্ঞানত এই দূৰত্বক বহুত বেছি বিবেচনা কৰা যায় যদিও একেবাৰে কমো নহয়। অৱশ্যে কিছু বিজ্ঞানীয়ে পৃথিৱীত এই গ্ৰহাণুৱে আঘাত কৰাৰ আশংকা কৰিছে।












