ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণাৰ উপসৰ্গ হিচাপে জ্বৰ, শুকান কাঁহ, শ্বাসকষ্ট, ক্লান্তিবোধ আদি বিশ্ব স্বাস্থ্য সংস্থাই আগেয়ে চিহ্নিত কৰিছিল৷ এইবাৰ এই মহামাৰীৰ নতুন কেইটামান উপসৰ্গৰ সন্ধান দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ স্বাস্থ্য সংস্থা চেণ্টাৰ ফৰ ডিজিজ ক’ণ্ট্ৰল এণ্ড প্ৰিভেনছনে৷ সেই তালিকাত ঠাই পাইছে কপনি, পেশীৰ বিষ, মুৰৰ বিষ আদিৰ দৰে উপসৰ্গ৷
ইয়াৰ লগতে স্বাদ বা গোন্ধ নোপোৱাও ক’ৰ’ণাৰ উপসৰ্গ হিচাপে চিহ্নিত কৰিছে স্বাস্থ্য সংস্থাটোৰ গৱেষকে৷ এই সকলো লক্ষণৰ মাজত সংক্ৰমিত ব্যক্তিক চিহ্নিত কৰিব পাৰিছে বুলি কৈছে আমেৰিকাৰ এই সংস্থাটোৱে৷ ক’ৰ’ণাত আক্ৰান্ত হ’লে লোকজনৰ শৰীৰত জ্বৰ, শুকান কাঁহ, শ্বাসকষ্ট, শ্বাস লোৱাত সমস্যা হোৱা, ক্লান্তিবোধ উপসৰ্গ আগতেই বিশ্ব স্বাস্থ্য সংস্থাই জনাইছিল৷
ইয়াৰ লগতে যন্ত্ৰণা আৰু বিষ, নাক বন্ধ হৈ পৰা, ডিঙিৰ বিষ আৰু ডায়েৰীয়াৰ দৰে লক্ষণো ক’ৰ’ণা ৰোগীৰ শৰীৰত ফুটি উঠে৷ এই সকলো উপসৰ্গ বিশ্ব স্বাস্থ্য সংস্থাৰ বেৱছাইটত লিখা আছে৷ ইমান দিনে এইখিনি কথাকে কৈ আছিল আমেৰিকাৰ স্বাস্থ্য সংস্থাটোৱে৷
কিন্তু এইবাৰ সেই তালিকা দীঘলীয়া কৰিলে আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ ক’ণ্ট্ৰল এণ্ড প্ৰিভেনছনে৷ সংস্থাটোৰ দাবী যি ক’ৰ’ণাত অলপ আক্ৰান্ত হৈছে বা বেছি আক্ৰান্ত হৈছে তেওঁলোকৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিব পাৰে৷
ভাইৰাছটোৱে শৰীৰত আশ্ৰয় লোৱাৰ দুদিনৰ পৰা ১৪ দিনৰ ভিতৰত নানান লক্ষণ ফুটি উঠিব পাৰে৷ চেণ্টাৰ ফৰ ডিজিজ ক’ণ্ট্ৰল এণ্ড প্ৰিভেনছনে কোৱা মতে সেই লক্ষণবোৰ হ’ল সময়ে সময়ে ক’ৰ’ণা ৰোগীয়ে কষ্ট ভোগ কৰিব পাৰে৷
ইয়াৰ লগতে ৰোগীৰ পেশী আৰু মুৰৰ বিষ হ’ব৷ তদুপৰি ৰোগীয়ে স্বাদ আৰু গোন্ধ পোৱাৰ ক্ষমতা সাময়িকভাৱে হেৰুৱায়৷ ক’ৰ’ণাত আক্ৰান্তই স্বাদ আৰু ঘ্ৰাণ অনুভূতি হেৰুৱাই বুলি আগেয়ে ব্ৰিটিছ চিকিৎসকৰ দল এটাই জনাইছিল৷












