ASSAM TIMES POST
নিউজ ডেস্ক:
সকলো ক’ৰ’ণা ৰোগীকে চিকিৎসালয়লৈ নিব নালাগে৷ এনেদৰে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷ অৱশ্যে তাৰ মাজত দিছে কেতবোৰ চৰ্ত৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে হোম আইছলেচনৰ কথা উল্লেখ কৰি নিৰ্দেশনাটোত কৈছে যিসকল ক’ৰ’ণা ৰোগীৰ মাজত লঘু উপসৰ্গই দেখা দিছে বা প্ৰি ছিম্পটোমেটিক তেওঁলোকৰ যদি ঘৰতে আইছলেচনত থকাৰ ব্যৱস্থা আছে তেনে ঘৰতে থাকিব পাৰিব৷
ইয়াৰ আগয়ে কেন্দ্ৰৰ নিৰ্দেশনা আছিল, কোনো লোক ক’ভিড পজিটিভ হ’লে, লোকজন যি স্তৰতে হওক, তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হ’ব৷ কেন্দ্ৰই এই নিৰ্দেশনাত লগতে কয়, যি হোম আইছলেচনত থাকিব তেওঁ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিষয়াৰ নজৰত থাকিব৷
ৰোগীয়ে আৰোগ্য এপ ডাউনলড কৰিব লাগিব আৰু সকলো সময়তে এই এপৰ যোগে যোগাযোগ ৰাখিব লাগিব৷












