ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা সংক্ৰমণৰ লগে লগে নতুন বিপদত পৰিছে আমেৰিকা৷ পৃথিৱীৰ সবাতোকৈ শক্তিশালী ৰাষ্ট্ৰখনত ৩০ৰ পৰা ৪০ বছৰ বয়সৰ লোক ষ্ট্ৰ’কত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ এই ষ্ট্ৰ’কৰ কাৰণ ক’ৰ’ণা ভাইৰাছ৷
ইয়াৰ পৰা এতিয়া বুজি উঠিছে ক’ভিড থাকিলে ষ্ট্ৰ’ক হ’ব পাৰে৷ এই কথা জনাইছে ৱাশ্বিংটন প’ষ্টে৷ যিহেতু মস্তিস্কত ৰক্ত সঞ্চালন বন্ধ হৈ হঠাৎ শিৰা ছিগি মৃত্যু হয় ষ্ট্ৰ’কত৷ চিকিৎসকে জনোৱা মতে ৩০ৰ পৰা ৪০ বছৰ বয়সৰ বহু লোক হঠাৎ দুৰ্বল হৈ পৰে নতুবা মৃত্যুৰ মুখত পৰে৷ প্ৰাপ্ত তথ্য মতে অলপ বয়সীয়া বা মধ্য বয়সীয়া সকল ষ্ট্ৰ’কত আক্ৰান্ত ৰোগীৰ সংখ্যা হঠাতে বাঢ়ি গৈছে৷
সেয়ে স্পষ্ট যে ভাইৰাছটোক বুজিব পৰা নাই চিকিৎসকে৷ ৱাশ্বিংটন প’ষ্ট বাতৰি মতে এতিয়া দেখা গৈছে শত্ৰু বহু বেছি শক্তিশালী৷ দেহৰ সকলো অংগকে অক্ষম কৰি পেলায়৷ উল্লেখ্য যে চীনৰ উহানৰ কিছুমান চিকিৎসালয়ত দেখা গৈছিল খুউব অসুস্থ আৰু প্ৰৱীণসকলৰ ষ্ট্ৰ’ক হয়৷ এতিয়া এই বিষয়টো লৈ বিষয়টো লৈ আমেৰিকাৰ তিনিখন বৃহৎ মেডিকেল চেণ্টাৰে তথ্য প্ৰকাশ কৰিব ধৰিছে৷












