ASSAM TIMES POST
নিউজ ডেস্ক:
অৱশেষত পিতৃৰ শেষকৃত্যত অংশগ্ৰহণৰ অনুমতি লাভ কৰিলে ঋদ্ধিমা কাপুৰ সাহানিয়ে। উল্লেখযোগ্য যে বিয়াৰ পিছত দিল্লীত থাকে ঋষি দুহিতা ঋদ্ধিমা। কালি পিতৃক হস্পিটেলত ভৰ্তি কৰোৱাৰ খবৰ পোৱা মাত্ৰকে তেওঁ বুধবাৰে মাজনিশাই গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰে যাতে চাৰ্টাৰড বিমানেৰে তেওঁ মুম্বাইলৈ যাব পাৰে।
কিন্তু গৃহ মন্ত্ৰালয়ৰ সূত্ৰৰ পৰা তেওঁক জনোৱা হয় যে বিমানত যোৱাৰ অনুমতি কেৱল গৃহ মন্ত্ৰী অমৃত শ্বাহেহে দিব পাৰে।ইয়াৰ পিছতে তেওঁ দিল্লীৰ পৰা স্থলপথেৰে যাত্ৰাৰ অনুমতি গ্ৰহণ কৰে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, তেওঁ ইয়াৰ বাবে মাজনিশা অনুমতি বিচাৰিছিল আৰু লগে লগেই অনুমতি প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে দিল্লীৰ পৰা মুম্বাইৰ দূৰত্ব স্থলপথেৰে প্ৰায় ১৪০০ কিঃমিঃ আৰু ৰাতিয়েই তেওঁ যাত্ৰা আৰম্ভ কৰিছে। এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক সময় লাগিব প্রায় ১৮ ঘণ্টা।












