ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে। নতুন নিৰ্দেশনা অনুযায়ী ৪ মে’ৰ পৰা ১৭ মে’লৈ থাকিব লকডাউন। কিন্তু তাৰ মাজতো অসমৰ বাবে দিয়া হৈছে কিছু শিথিলতা।
ৰাজ্যৰ green zone আৰু orange zone-ত হ’ব এই শিথিলতা। কিন্তু কি কি পাৰিব, কি কি নোৱাৰিব?
# সুৰাৰ বিপনী, পাণ দোকান খোলাৰ নিৰ্দেশ।
# ৫জনতকৈ অধিক লোক উপস্থিত হ’ব নোৱাৰিব সুৰাৰ বিপনীত।
# পালন কৰিব লাগিব ৬ ফুটৰ দূৰত্ব।
# বন্ধ থাকিব ৰাজহুৱা পৰিবহণ ব্যৱস্থা।
# অৱশ্যে ৫০% যাত্রীৰে green zone-ত চলিব পাৰিব যাত্ৰীবাহী বাছ।
# এজন যাত্রীৰে চলিব পাৰিব টেক্সী সেৱা।
# কৃষি কাৰ্যত অনুমতি।
# গ্ৰামঞ্চল, অবাসিক অঞ্চলত খোলা থাকিব দোকান।
# খোলা থাকিব বেংক।
# ৩৩% কৰ্মচাৰীৰে চলিব চৰকাৰী কাৰ্যালয়।
# বেচৰকাৰী কাৰ্যালয়সমূহো খোলা থাকিব।
# উদ্যোগসমূহ খোলা হ’ব।
# অনুমতি অবিহনে ব্যক্তিগত বাহন চলিব নোৱাৰিব।
# বন্ধ থাকিব ৰে’ল-বিমান সেৱা।
# আন্তৰাজ্যিক আহ-যাহ বন্ধ থাকিব।
# বন্ধ থাকিব বিউটি পাৰ্লাৰ, চেলুন, হোটেল, ৰেষ্টুৰেণ্ট, বজাৰ, শ্বপিং মল।
# জিলা প্ৰশাসনে লকডাউনৰ নিয়ম কাৰ্যকৰী কৰিবলৈ জাৰি কৰিব পাৰিব ১৪৪ ধাৰা।
# দেশৰ লগতে অসমতো সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজালৈ কোনো লোক বাহিৰত ওলাব নোৱাৰিব
# ৬৫ বছৰ উৰ্ধৰ আৰু ১০বছৰৰ তলৰ কোনো লোকে ওলাব নোৱাৰিব বাহিৰলৈ।একেদৰে গৰ্ভৱতী মহিলাৰ বাবেও আছে বাধা।তেওঁলোক কেৱল চিকিৎসাজনীত কাৰণত ওলাব পাৰিব।
অসমৰ ৩খন জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ জ’নত।
জিলা কেইখন হৈছে মৰিগাওঁ, ধুবুৰী আৰু গোৱালপাৰা।












