ASSAM TIMES POST
গুৱাহাটী : “বহিৰাজ্যত যদি সুৰক্ষিত হৈ আছে বিশেষ যদি ঘৰলৈ অহাৰ এই সময় চোৱাত প্ৰয়োজন নাই তেন্তে আপোনালোক যত আছে তাতে থাকক”- বহিৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ জনতালৈ বিনম্ৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।গুৱাহাটী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় লকডাউনৰ বাবে বহি ৰাজ্যত থকা অসমৰ প্ৰতিজন ব্যক্তিক আমি বাধা দিয়া নাই অসমলৈ ঘূৰি আহিবলৈ নালাগে বুলি।
কিন্তু আমি অসমৰ জনতাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকক প্ৰয়োজন নহলে পূজা সময়ত ঘূৰি আহক বুলি আহ্বান কৰিছোঁ।পৰিস্থিতি ভাল নোহোৱালৈকে বাহিৰ থকা প্ৰতিজনক মাহৰ ১৫ তাৰিখে ৰাজ্যৰ চৰকাৰে ২০০০টকা কৈ সাহায্য প্ৰদান কৰিব-মন্ত্ৰী শৰ্মাই লগতে কয়।
যদি কোনো ব্যক্তি ঘূৰি আহিব বিচাৰে তেওঁলোকৰ সুবিধা বাবে চৰকাৰে ব্যৱস্থা কৰিছে এক বিশেষ নম্বৰ।যিটো নম্বৰত অহা ৪৮ ঘণ্টা ভিতৰত দিব লাগিব মিছকল।মন্ত্ৰী শৰ্মাই ঘোষণা অনুসৰি ৭৪২৮১৫৯৯৬৬ নম্বৰত ঘূৰি আহিব বিচাৰ ব্যক্তিজনে দিব লাগিব এটা মিছকল।তাৰ পিছতে ৪৮ ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনলৈ এটা বিশেষ লিংক যাব।লিংকটোত ব্যক্তিজনে দিব লাগিব সবিশেষ তথ্য।সমগ্ৰ ব্যৱস্থাতো সম্পাদনা কৰিব অসম আৰক্ষীয়ে।
আনহাতে সাহায্য বাবে যিসকলে মিছকল দিছিল বা ফোন কৰিছিল তেওঁলোকে নতুনলৈ মিছকল নিদিলেও হব।বহিৰাজ্যত আৱদ্ধ যি সকল ব্যক্তিয়ে নিজৰ গাড়ী অথবা নিজে ভাড়া কৰি গাড়ী লৈ আহিব বিচাৰে তেন্তে সেই সকলে Assamtransportrelif@gmail.com ত প্ৰেৰণ কৰিব লাগিব মেইল।তাত মেইল কৰিলে দেওবাৰ পৰা প্ৰদান কৰিব ঘূৰি অহা অনুমতি পত্ৰ”- মন্ত্ৰী শৰ্মাই লগতে কয়।













