ASSAM TIMES POST
নিউজ ডেস্ক:
তৃতীয় পৰ্যায়ৰ নতুন নিৰ্দেশনা সমূহজাৰী কৰিলে ৰাজ্য চৰকাৰে।৪মে’ৰ পৰা কাৰ্যকৰী হব লগা লকডাউনৰ নতুন নিৰ্দেশনা সমূহ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। নতুন নিৰ্দেশনা সমূহ হৈছে-
https://www.facebook.com/himantabiswasarma/videos/193419378286149/
# আবেলি ৬ বজা পৰা পুৱা ৬ বজালৈ সৰ্বাত্মক কাৰ্ফিউ।ফাৰ্মাচী, সংবাদ মাধ্যম, চিকিৎসা সেৱা, চৰকাৰী গাড়ী বাহিৰে বাকী সকলো বন্ধ থাকিব।
# চিকিৎসা লগত জড়িত সকলো প্ৰতিষ্ঠা আৰু পশুচিকিৎসা সম্বন্ধীয় সকলো সেৱা আবেলি ৫বজালৈ মুকলি কৰিব পাৰিব।
# গাঁও-চহৰৰ অকলে থকা দোকান সমূহ সম্পূৰ্ন ৰূপে মুকলি হব।কিন্তু একেলগে থকা দোকান সমূহ এক তৃতীয়াংশ মুকলি কৰিব পাৰিব।গ্ৰছাৰী, ফাৰ্মাচী, কিতাপৰ দোকান এই নিয়মত অন্তভুক্তি নহয়।সেইসমূহ খুলিব পাৰিব।
# মাৰ্কেট কম্পেলেক্স, শ্বপিং মল, জিম, ছবিগৃহ, চেলুন, পাৰ্লাৰ, চুইমিং পুল বন্ধ থাকিব।কিন্তু নাপতি জনে বা বিউটিচিয়ান গৰাকীয়ে ঘৰে ঘৰে গৈ সেৱা আগবঢ়াব পাৰিব।
# অটৰিক্সা, চাইকেল ৰিক্সা, টেক্সি সেৱা চলাচল কৰিব।কিন্তু এজন ড্ৰাইভাৰ দুজন যাত্ৰীহে যাব লাগিব।সকলোৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।
# অ’লা-উবেৰ সেৱা আৰম্ভ হ’ব তাতো ড্ৰাইভাৰ দুজন যাত্ৰী যাব পাৰিব।একেদৰে মটৰ চাইকেলত মহিলা, ১২ বছৰীয়া শিশু বাহিৰে দুজন লোক যাব নোৱাৰিব।
# গাঁও, নগৰ-চহৰ সকলোতে ৫০% শ্ৰমিকেৰে নিৰ্মান কাৰ্য আৰম্ভ কৰিব পাৰিব।
# আন্তজিলা আৰু অন্ত:জিলা বাছ সেৱা আৰম্ভ হ’ব।৫০শতাংশ যাত্ৰীহে নিব লাগিব।সকলোৱে মাক্স পৰিধান কৰি সামাজিক দূৰত্ব মানি চলিব লাগিব।ব্যক্তিগত বাছসমূহ অসম ৰাজ্যিক পৰিবহন নিগমৰ অনুজ্ঞাপত্ৰ লৈ চলিব লাগিব।
# ৰেড আৰু অৰেঞ্জ ‘জন সমূহত এই নিয়ম সমূহ কাৰ্যকৰী নহব।বাছ সমূহ অৰেঞ্জ ‘জনত যাব পাৰিব কিন্তু কোনো ৰৱ নোৱাৰিব।
# কেন্দ্ৰীয় চৰকাৰৰ মৰিগাঁও, ধুবুৰী, গোৱালপাৰা জিলাক অৰেঞ্জ জনত ৰখাৰ পিছত ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাক অৰেঞ্জ জনত অন্তৰ্ভুক্ত কৰিছে।
# চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত ৫০শতাংশ কৰ্মচাৰী উপস্থিত থাকিব।অৱশ্যে কোনো কৰ্মচাৰী যদি ৫বছৰৰ তলৰ শিশু মাতৃ তেন্তে তেওঁ কাৰ্যালয় আহিব নালাগে।
# চাহ, আইস্ক্ৰীম, ৰেষ্ট্ৰোৰা মুকলি কৰিব পাৰিব।কিন্তু কোনো গ্ৰাহকে ঘৰলৈ লৈ গৈ খাব লাগিব।হোমডেলিভাৰ মুকলি কৰিব পাৰিব।
# সকলোধৰণৰ ই-কমাৰ্চ সেৱা মুকলি কৰি দিয়া হৈছে।শ্ব’ৰোম মুকলি কৰিব পাৰিব।
# গুৰুত্বপূৰ্ণ কথা এই যে এই সকলোবোৰ নিয়ম প্ৰযোজ্য হব একমাত্ৰ গ্ৰীণ জনত।পূৰ্বৰ দৰে অৰেঞ্জন জনত গ্ৰছাৰী, ফাৰ্মাচী আৰু শাক-পাচলি দোকান খুলিব পাৰিব।তাৰ বাহিৰে বাকী সকলোতে বাধা আছে।
# সাপ্তাহিক বজাৰ সমূহ বন্ধ থাকিব।
# বিয়া, সবাহ, ধৰ্মীয় অনুষ্ঠানত, সভা সকলো বন্ধ থাকিব।
# একমাত্ৰ চিকিৎসা সেৱা বাহিৰে যিকোনো মূল্য বিনিময়ত ৬৫ বছৰৰ উদ্ধ নাগৰিক আৰু ১২বছৰৰ তলৰ শিশু বাহিৰলৈ ওলাব নোৱাৰিব।
# আনহাতে ৰাজ্যত শেহতীয়া ভাৱে দেখা দিয়া গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাতি ১২ বজা পৰা সকলো পশু-জন্তু কঢ়িয়াওৱা গাড়ী অসমত প্ৰৱেশ কৰিব নোৱাৰিব।













