ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হ’ল লোকপাল সদস্য অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ কে ত্ৰিপাঠিৰ৷ শনিবাৰে নিশা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (এইমছ)ত ৬২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ চিকিৎসালয়ৰ সূত্ৰ মতে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পাছত ন্যায়াধীশ ত্ৰিপাঠীক ২ এপ্ৰিলত এইমছত ভৰ্ত্তি কৰোৱা হৈছিল৷
তেওঁ আক্ৰান্ত হোৱাৰ আগেয়ে তেওঁৰ কন্যা আৰু ৰান্ধনী এই ভাইৰাছত আক্ৰান্ত হৈছিল৷ কিন্তু দুয়ো সুস্থ হৈ উঠে৷ চিকিৎসকে জনোৱা মতে এইমছত ভৰ্ত্তি হোৱাৰ পাছৰ পৰা তেওঁৰ অৱস্থা অৱনতি হৈ পৰে৷ তেওঁক ট্ৰমা কেয়াৰ ইউনিটৰ আইচিইউত ৰখা হয়৷
আনহাতে অৱস্থা অৱনতি হোৱাত তেওঁক ভেণ্টিলেছনলৈ নিয়া হয়৷ শনিবাৰে নিশা ৯ বজাত ন্যায়াধীশজনৰ চিকিৎসালয়ত মৃত্যু হয়৷












