ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনত মুম্বাইত আৱদ্ধ হৈ পৰা শিল্পী জুবিন গাৰ্গ অৱশেষত ঘূৰি আহিছে অসমলৈ।অসম চৰকাৰ অনুমতি লৈ এখন বিশেষ বাছত উভতি আহিছে শিল্পী জুবিন।উল্লেখ যে বিগত ৯মার্চ পৰা মুম্বাইত থকা শিল্পী জুবিনৰ লগতে অসমলৈ আহিছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সংগীত শিল্পী।

শিল্পী জুবিনে যাত্ৰা কৰা শ্বিলিপাৰ বাছখনৰ দুই শিল্পী হৈছে পাৰ্থ প্ৰতিম গোস্বামী, সিদ্ধাৰ্থ শৰ্মা।আজি পুৱা ৭বজাত মুম্বাইৰ আন্ধেৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে বিশেষ বাছখনে।












