ASSAM TIMES POST
গুৱাহাটী :গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্বাসৰ এগৰাকীৰ ছাত্ৰী দেহত ধৰা পৰিছে কোভিড-১৯।৪০ গৰাকী ছাত্ৰীৰ আছে বিশেষ হোষ্টেলটোত।সকলো ছাত্ৰীৰে কৰা হব শ্বোৱাব টেষ্ট।ছাত্ৰী সকলক চিন্তিত নহবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
পুৱাই হোষ্টেলটোত গৈ উপস্থিত হয় মহানগৰী জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী উচ্চ পদস্ত বিষয়া আৰু স্বাস্থ্য বিভাগৰ লোক।উল্লেখ যে গুৱাহাটী মেডিকেল কলেজৰ স্নাতকোত্তৰ আক্রান্ত ছাত্ৰ ডঃ লিথিকেশ ডি এছৰ সংস্পৰ্শলৈ অহা বাবে ছাত্ৰী গৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।
সেই নমুনা ফলাফলত ছাত্ৰী গৰাকীৰ দেহত ক’ৰনা উপস্থিতি কথা পোহৰলৈ আহিছে।গুৰুত্বপূৰ্ণ কথা কথা এই যে আক্রান্ত ছাত্ৰী গৰাকীৰ সৈতে হোষ্টেলখনৰ ৪গৰাকী ছাত্ৰী নমুনা পৰীক্ষা কৰা হৈছিল।তাৰে এগৰাকী ছাত্ৰী দেহত কোভিড-১৯ ধৰা পৰিছে।ইফালে ছাত্ৰী গৰাকীৰ ১মে’ৰ লৈকে ডিউটি কৰিছিল।
এই কথা প্ৰকাশ কৰিছে এগৰাকী চিকিৎসকে।তেওঁ লগতে কয় ছাত্ৰী গৰাকীৰ সুস্থ-সবল হৈ আছে।তেওঁ গাত কোনো লক্ষণ দেখা পোৱা হোৱা নাই।ছাত্ৰীগৰাকীৰ নাম দীপিকা ডেকা।বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।ইফালে সমগ্ৰ হোষ্টেলৰ চৌহদতো চেনিটাইজাৰ কৰা হ’ব।
সম্প্ৰতি আমি জটিল পৰিস্থিতিৰ মাজেৰে গৈ আছো আৰু এনে সময়ত সকলোৰে উন্নত যত্ন লোৱাই মোৰ দায়িত্ব তথা কৰ্তব্য ৷ চৰকাৰৰ সামাজিক দূৰত্বৰ নীতি-নিৰ্দেশনা মানি চলি কোভিড-১৯ সংক্ৰমিত হোৱা বুলি পৰীক্ষাত ধৰা পৰা আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীগৰাকীক নিশা ১২.৩০ বজাত সাক্ষাৎ কৰি যথাসম্ভৱ উন্নত চিকিৎসাৰ নিশ্চিতি প্ৰদান কৰিছো ৷আন শিক্ষাৰ্থীসকলকো উদ্বিগ্ন নহবলৈ অনুৰোধ জনোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছো













