ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে এক ভূঁইকঁপত কপি উঠিল ৰাজধানী দিল্লীৰ লগতে সংলগ্ন এলেকা৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৩.৪ আছিল৷ এই ভূঁইকঁপৰ ফলত কোনো ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা নাই৷দেওবাৰে দিনৰ ২ বজাত দিল্লীৰ বহু ঠাইত কম্পন অনুভূত হয়৷

দিল্লী, উত্তৰ প্ৰদেশৰ সীমাত কম্পনৰ উৎসস্থল আছিল বুলি জনাইছে চেণ্টাৰ ফৰ ছিছম’লজীৰ সঞ্চালক জে এল গৌতমে৷ মন কৰিব লগা যে যোৱা এমাহত দেওবাৰৰ ভূঁইকঁপটো লৈ মুঠতে তিনিবাৰ কম্পন হয় দিল্লী৷ ১২ এপ্ৰিলত ৩.৫ আৰু তাৰ পাছৰ দিনা ২.৭ প্ৰাৱল্যৰ ভূঁইকঁপ হৈছিল৷ প্ৰতিটো ভূঁইকঁপৰ উৎসস্থল দিল্লী-উত্তৰ দিল্লীৰ সীমা আছিল৷












