ASSAM TIMES POST
গুৱাহাটী :অৱশেষত দীঘলীয়া বাছ যাত্ৰাৰ অন্তত সুদীৰ্ঘ দুটা মাহৰ মূৰত মাতৃভূমিত উপস্থিত ৰাজ্য জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।কিছুসময় পূৰ্বে গুৱাহাটীৰ সৰুসজাইত উপস্থিত হৈছে শিল্পী জুবিন।

মুম্বাইৰ পৰা চাৰিদিনীয়া বাছ যাত্ৰাৰ অন্তত অসমত আহি উপস্থিত শিল্পী জুবিনসহ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সহযোগী শিল্পী।উল্লেখ যে ১৪দিন শিল্পী জুবিনে পঞ্চতাৰকাযুক্ত হোটেলত কোৱাৰেণ্টাইন হব।
উল্লেখ যে যোৱা শুকুবাৰে পুৱা ৭বজাত মুম্বাই আন্ধেৰী পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিছিল জুবিনে।দীঘলীয়া বাছ যাত্ৰা অন্তত শিল্পী গৰাকীৰ আহি অসমত উপস্থিত হৈছে।গুৰুত্বপূৰ্ণ কথা এই যে জুবিন অহাৰ বিশেষ শ্বিলীপাৰ বাছখনত যাত্ৰী ছিল মাত্ৰ চাৰিজন।













