ASSAM TIMES POST
গুৱাহাটী :সুদীৰ্ঘ ডেৰ মাহৰ পিছত বহি ৰাজ্যত আৱদ্ধ হৈ থকা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কিছুসংখ্যক যাত্ৰীৰ লৈ দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা ৰাজধানী ৰেলগাড়ী খন নিধাৰিত সময়তকৈ ডেৰ ঘণ্টা পলমকৈ উপস্থিত অসমত।নিধাৰিত সময় অনুসৰি আজি আবেলি ৫ বজাত কোকৰাঝাৰ ৰেল ষ্টেচন পোৱা কথা আছিল যদিও শেহতীয়া খবৰ অনুসৰি সন্ধিয়া ৬.৩০ বজাত কোকৰাঝাৰত উপস্থিত হব ৰেলখন।
ইফালে ৰেল গাড়ীখন অসম আহি পোৱাৰ পিছতে অসমৰ বাবে চূড়ান্ত ক’ৰনাৰ যুজঁখন আৰম্ভ হ’ব।এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।গুৰুত্বপূৰ্ণ কথা এই যে অহা একসপ্তাহ ধৰি প্ৰতি দিনে এখনকৈ যাত্ৰীবাহী ৰেল অসমলৈ আহিব।প্ৰতিখন ৰেলত প্ৰায় ১২শ যাত্ৰী থাকিব।
ইফালে প্ৰথমখন ৰেলৰ অধিক সংখ্যক যাত্ৰীৰ ডিব্ৰুগড়ত নামিব।তাৰে ৮৪২জন যাত্ৰী ডিব্ৰুগড় নমা কথা।আধা সংখ্যক যাত্ৰী অৰুণাচল প্ৰদেশৰ।বিশেষ যাত্ৰীবাহী ৰেলখনৰ ৮ জন যাত্ৰী কোকৰাঝাৰ, ৩৭জন গুৱাহাটী, ২জন মৰিয়নী, লামডিং আৰু ডিমাপুৰত নামিব কিছু যাত্ৰী।যাত্ৰী নামিব লগা প্ৰতিটো ষ্টেচনত যাত্ৰীৰ পৰীক্ষাৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।













