ASSAM TIMES POST
নিউজ ডেক্স
ভাৰতৰ হাতত ২২ জন সন্ত্ৰাসবাদীক ম্যানমাৰ সেনাই অৰ্পন কৰিছে৷ শুকুৰবাৰে এই সন্ত্ৰাসবাদীসকলক বিশেষ বিমানেৰে ভাৰতলৈ অনা হয়৷ এই সন্ত্ৰাসবাদীসকল মণিপুৰ আৰু অসমৰ ‘ৱাণ্টেড’ তালিকাত আছে৷
এই সন্ত্ৰাসবাদীৰ মাজত আছে কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা৷ তেওঁলোক হ’ল নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট (এনডিএফবি)ৰ ৰাজেন দৈমাৰী, মণিপুৰৰ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (ইউএনএলএফ)ৰ কেপ্টেইন সানাটোম্বা নিংথোজাম আৰু পিপুলছ ৰিভ’উলিচনাৰী পাৰ্টি অব কাংলেইপাক (প্ৰিপাক)ৰ লেফটেনেণ্ট পশুৰাম লাইছৰাম৷
এই ২২ জন সন্ত্ৰাসবাদীৰ ভিতৰত ১২জন ইউএনএলএফ, প্ৰিপাক, কাংলেই ইয়ালো কন্না লুপ (কেআইকেএল), পিপুলছ লিবাৰেচন আৰ্মি অব মণিপুৰ, এই চাৰিটা সংগঠনৰ৷ বাকী ১০ জন এনডিএফবি আৰু কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (কেএলঅ’)ৰ সৈতে জড়িত৷












