ASSAM TIMES POST
নিউজ ডেস্ক:
কৰ্মচাৰী ছাটাইৰ পথত ফুড ডেলিভাৰী সংস্থা Zomato। সংস্থাৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে, ১৩ শতাংশ কৰ্মচাৰী Zomato-এ ছাটাই কৰিবলৈ আগবাঢ়িছে।কেৱল ইমানেই নহয়, যিসকল কর্মচাৰীয়ে কাম কৰিব তেওঁলোকৰ বেতন ৫০ শতাংশ কৰ্তন হ’ব বুলি জনাই দিয়া হৈছে।
শুক্রবাৰে পুৱাই কর্মীসকলক উদ্দেশ্যি এখন নোট লিখে Zomato-ৰ প্রতিষ্ঠাতা আৰু চিইঅ’ দীপিন্দৰ গোৱেলে। তাত তেওঁ এই বিষয়ে বিস্তাৰিতভাৱে লিখে।তেওঁ লিখিছে, বিগত কেইবা মাহ বহু সলনি হৈ গৈছে। ব্যৱসায়ৰ ধৰণ সলনি হৈছে। পৰিচালকে য’ত Zomato-ক অধিক কেন্দ্রীভূত কৰিব বিচাৰিছে, তাত দেখা গৈছে বহু কর্মীৰেই বেছি কাম নাই।
কর্মীসকলক ধন্যবাদ জনাই উক্ত চিঠিত তেওঁ লিখে, মই আমাৰ সকলো কৰ্মচাৰীৰ ওচৰত প্ৰত্যাহ্বানমূলক কামৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে চিৰদিন ঋণী থাকিম। কিন্তু ইয়াৰ পৰা আৰু ১৩ শতাংশ কৰ্মচাৰীক আগুৱাই নিব পৰা নাযাব।এই বিস্ফোৰক নোটৰ পিছতেই তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে কোম্পানীৰ কর্মীসকলৰ মাজত। সৃষ্টি হৈছে আতঙ্কও।
কাৰ চাকৰি যাব তাকে লৈ এতিয়া ভীতিগ্ৰস্ত কৰ্মচাৰীসকল।দীপিন্দৰ গোৱেলে জনাইছে, যিয়ে কাম হেৰুৱাবলৈ আগবাঢ়িছে পৰৱর্তী ২৪ ঘণ্টাৰ ভিতৰত এটি Zoom কলৰ মাধ্যমেৰে তেওঁলোকৰ সন্মুখত হাজিৰ হ’ব পাৰে। আৰু যিসকলৰ কাম থাকিব, ৬ ঘণ্টাৰ ভিতৰতেই তেওঁলোকে hr@zomato.com-ৰ পক্ষৰ পৰা এটি ই-মেইল পাব। কৰ্মচাৰী ছাটাইৰ দলত যে তেওঁলোক নাই, সেই বিষয়টোৱেই নিশ্চিত কৰিব এই ই-মেইলটোৱে।অৱশ্যে কৰ্মচাৰী ছাটাই হ’লেও কিছু হ’লেও মানবিক হৈছে কোম্পানী।
জানিব পৰা মতে, যিসকলে কাম হেৰুৱাব তেওঁলোকে পৰৱর্তী ৬ মাহ ঘৰত বহিয়েই বেতন পাব।অৱশ্যে সম্পূৰ্ণ বেতন নহয়, আধা টকা পাব। তেওঁ যদি এই সময়সীমাৰ ভিতৰত অন্য কোনো কোম্পানীত যোগদানো কৰে তেতিয়াও এই অর্ধেক বেতন দিয়া হ’ব বুলি জনোৱা হৈছে।
ইয়াৰ উপৰি, যিসকল কোম্পানীৰ ডিৰেক্ট পে ৰোলত নাই অর্থাৎ যিটো এজেন্সিৰ মাধ্যমত Zomato-ৰ হৈ কাম কৰে তেওঁলোকে সেইসমূহ এজেন্সিৰ পৰাই চাকৰি যোৱাৰ পৰৱর্তী ২ মাহ বেতন পাব। আৰু সেই এজেন্সিমূহক টকা দিব Zomato-এ। ইয়াৰ উপৰি যিসকলৰ চাকৰি যাব তেওঁলোকক আৰু কিছুমান সুবিধা দিব কোম্পানীয়ে। যেনে জীৱন বীমা, লেপটপসহ আৰু অন্যান্য












