ASSAM TIMES POST
নিউজ ডেস্ক :
আগন্তুক দুসপ্তাহ কেৱল প্ৰব্ৰজিত শ্রমিকসকলৰ বাবেই কাম কৰিব বিজেপিয়ে। এনেকুৱাই নির্দেশ অমিত শ্বাহৰ। দলীয় কর্মীসকলৰ প্রতি তেওঁৰ নির্দেশ ঘৰলৈ উভতিব বিচৰা শ্রমিকসকলক দেশজুৰি সহায় কৰক।
সূত্রৰ খবৰ মতে, অমিত শ্বাহে বৃহস্পতিবাৰে দলীয় মুখ্য কাৰ্যালয়ত এক বৈঠক অনুষ্ঠিত কৰে। তাত উপস্থিত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডা। তাতেই সিদ্ধান্ত হয় দলৰ কর্মীসকলে প্ৰব্ৰজিত শ্রমিকসকলক সহায় কৰিব। তেনে নিৰ্দেশ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে দলৰ সকলো সাধাৰণ সম্পাদক আৰু ৰাজ্যৰ সভাপতিসকললৈ।
ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ ওচৰত বিজেপি কর্মীসকলক সৰু সুৰা কেম্প কৰিবলৈ কোৱা হৈছে।অমিত শ্বাহৰ নির্দেশ, এই কেম্পত পাব পানী, খাদ্য বস্তু, মাস্ক, চাবোন ইত্যাদি। প্রয়োজনত প্রাথমিক চিকিৎসাও কৰা হ’ব তাত। পথৰ উপৰি ৰে’ল লাইনৰ কাষতো বিজেপিৰ কৰ্মীসকলে কেম্প খুলিব বুলি প্ৰকাশ।
ইয়াৰ উপৰি দলৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে যিমান সম্ভৱ এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ, যাতে সকলো ধৰণৰ চিকিৎসা সেৱা তেওঁলোকে পায়।












