ASSAM TIMES POST
নিউজ ডেক্স
দিল্লীত কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা অসমৰ ৯জন চিআৰপিএফ জোৱান বৰ্তমান সুস্থ। ১৪ দিনৰ চিকিৎসাৰ অন্তত এওঁলোকৰ কোভিড–১৯ৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। সৰ্বমুঠ ৪৩জনৰ দেহত ১৪ দিনৰ চিকিৎসাৰ পিছত কৰা পৰীক্ষণত পোৱা নাই কোৰোণা ভাইৰাছৰ ।
আনহাতে অৰ্ধ–সামৰিক বাহিনীৰ কেম্পটোলৈ আহি থকা যিজন মিস্ত্ৰী আক্রান্ত হৈছিল তেওঁ বৰ্তমান সুস্থ। অসমৰ সুস্থ হৈ উঠা জোৱান কেইজন হৈছে দেৱজিত বৰুৱা, অংকুৰ নাথ, ৰণবীৰ লিম্বু, পি চি দাস, টোকেশ্বৰ বৰুৱা, কুমুদ কলিতা, বিপুল চন্দ্ৰ ৰাজবংশী, মুকেশ কলিতা আৰু মাণিক পাঠক।












