ASSAM TIMES POST
নিউজ ডেক্স
দেশত ক’ৰোনাৰ তাণ্ডৱৰ মাজতে চলিছে প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ সংখ্যা৷ দেওবাৰে পুনৰ মধ্য প্ৰদেশত এখন টেংকাৰৰ খুন্দাত মৃত্যু হ’ল এক দম্পতীসহ চাৰিজন প্ৰব্ৰজিত শ্ৰমিকৰ৷ এই মৰ্মান্তিক দুৰ্ঘটনাটো মধ্য প্ৰদেশৰ বাৰয়ানি এলেকাত সংঘটিত হয়৷
স্থানীয় সূত্ৰে জানিব পৰা মতে এজন প্ৰব্ৰজিত শ্ৰমিকে তেওঁৰ পত্ক লৈ মহাৰাষ্ট্ৰৰ পৰা মধ্য প্ৰদেশৰ ইন্দোৰলৈ গৈছিল৷ তেওঁৰ লগত আন দুজন প্ৰব্ৰজিত শ্ৰমিক আছিল৷ দেওবাৰে উল্লেখিত এলেকাত তেওঁলোকক পিছফালৰ পৰা এখন টেংকাৰে মহতিয়াই নিয়ে৷ ফলত চাৰিওজন লোকৰে ঘটনাস্থলীতে মৃত্যু হয়৷
ইপিনে, ঘটনাৰ খবৰ পাই আৰক্ষী সেই স্থানত উপস্থিত হয়৷ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কেইটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ লগতে আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে৷












