ASSAM TIMES POST
বিশেষ প্ৰতিবেদন:
চাইকেল লৈ যোৱাৰ সময়ত ক্ষমা বিচাৰি এখন চিঠি ৰাখি যায় তেওঁ।সেই চিঠিত নিজৰ অসহায়তাৰ কথা লিখি চাইকেল মালিকৰ ওচৰত ক্ষমা বিচাৰে মহম্মদ ইকবালে।
উভতিব লাগিব ৰাজস্থানৰ পৰা উত্তৰ প্রদেশলৈ। লগত প্রতিবন্ধী সন্তান। এই দীর্ঘ পথ অতিক্ৰম কৰাৰ অন্য কোনো উপায় নাপাই বাধ্য হৈ চাইকেল চুৰি কৰে এজন প্ৰব্ৰজিত শ্রমিকে।

পেটৰ তাড়নাত অন্য ৰাজ্যলৈ আহিছিল তেওঁ খেতি পথাৰত কাম কৰিবলৈ। চুৰি কৰাটো তেওঁৰ স্বভাৱ নহয়। কিন্তু বাধ্য হৈয়ে চাইকেল চুৰি কৰিও বিবেকৰ দংশনত ভুগি থাকে প্ৰব্ৰজিত শ্রমিক মহম্মদ ইকবালে। সেয়ে চাইকেল লৈ যোৱাৰ পূৰ্বে ক্ষমা বিচাৰি এখন চিঠি ৰাখি যায় তেওঁ।
সেই চিঠিত নিজৰ অসহায় অৱস্থাৰ কথা লিখি চাইকেল মালিকৰ ওচৰত ক্ষমা বিচাৰে মহম্মদ ইকবালে।ৰাজস্থানৰ ভৰতপুৰৰ ৰাৰহাৰ বাসিন্দা চাহাব সিঙে তেওঁৰ ঘৰৰ বাৰান্দাত চিঠিখন পঢ়ি দেখে ইকবালে প্রতিবন্ধী পুত্ৰক লৈ উত্তৰ প্রদেশৰ বেৰেলি পর্যন্ত যাব লাগিব।












