ASSAM TIMES POST
নিউজ ডেস্ক:
পৰিয়ালসহ হোম কোৱাৰেণ্টাইন হ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা নবাজুদ্দিন ছিদিক্কি।জানিব পৰা ম’তে ঈদ উপলক্ষে ১৫মে’ত মাতৃ আৰু ভাতৃৰ সৈতে উত্তৰ-প্ৰদেশৰ বুধানাস্থিকত নিজা বাসগৃহত উপস্থিত হৈছিল অভিনেতাগৰাকী।
বুধানাত উপস্থিত হোৱাৰ পাছতেই নবাজুদ্দিন ছিদিক্কিসহ পৰিয়ালৰ বাকী সদস্যসকলৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। সুভাগ্যৱশত আটাইকেইজন সদস্যৰে স্বাস্থ্যপৰীক্ষাৰ ফলাফল নিগেটিফ ওলাই।অৱশ্যে পৰৱৰ্তী ১৪দিনলৈ হোম কোৱাৰেণ্টাইনত থাকিব ছিদিক্কি পৰিয়াল।












