ASSAM TIMES POST
নিউজ ডেস্ক : পৃথিৱীৰ চৌম্বক ক্ষেত্রৰ এটা অংশ দুর্বল হৈ গৈছে। কাৰণ কি, কোনেও নাজানে। বিশেষকৈ দুর্বল হৈ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ মধ্যৱৰ্তী স্থান। ইয়াৰ নাম ছাউথ আটলাণ্টিক এনোমালি, বিগত কেইটামান বছৰত ই আৰু বাঢ়িছে। ইউৰোপীয় মহাকাশ সংস্থাই জনাইছে, এই চৌম্বক ক্ষেত্রৰ শক্তি ২৪০০০ নেনোটেছলাৰ পৰা কমি ২২০০০ নেনোটেছলা হৈছে। আধিক উদ্বেগজনক হ’ল, প্রতি বছৰে ২০ কিলোমিটাৰকৈ চৌম্বক ক্ষেত্রৰ এই দুর্বলতা বিস্তৃত হৈছে, গৈছে পশ্চিমৰ দিশে।
ভূপৃষ্ঠৰ ৩০০০ কিলোমিটাৰ তলত যি মাৰাত্মক উত্তপ্ত, গলিত লৌহ ক্ষেত্র আছে তাৰ লৰচৰতে সৃষ্টি হয় পৃথিৱীৰ চৌম্বক ক্ষেত্র। মহাকাশত পৃথিৱীৰ অন্যতম ৰক্ষাকবচ এই চৌম্বক ক্ষেত্র, সূর্যৰ ক্ষতিকৰ বিকিৰণৰ পৰা প্রাণী জগতক বচায়। চৌম্বক ক্ষেত্র য’ত শক্তিশালী তাতে বেছিকৈ ৰখায় দিয়ে ক্ষতিকৰ বিকিৰণক।
কিন্তু উদ্বেগৰ বিষয় হ’ল, দক্ষিণ আটলান্টিক এনোমালি বিগত ১০ বছৰত বাঢ়িছে আৰু শেহতীয়া কেইবাটাও বছৰে বাঢ়িছে চকুত লগাকৈ। ইউৰোপীয় মহাকাশ সংস্থাৰ তথ্যমতৌ, কিমান বাঢ়িছে তাক জনা গৈছে ছ’ৱার্ম ছেটেলাইটৰ পৰা। কিন্তু কিয় এই পৰিবর্তন তাক জানিবলৈ হ’লে পৃথিৱীৰ তলৰ লৌহ ক্ষেত্রৰ ভিতৰত হোৱা পৰিৱর্তন বুজিব লাগিব। সেইটোৱেই এতিয়া প্ৰত্যাহ্বান। জনাইছে জার্মান ৰিছার্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ বিজ্ঞানী জার্গেন মাজকাই।
ইউৰোপীয় মহাকাশ সংস্থাই অনুমান কৰিছে, চৌম্বক ক্ষেত্র দুর্বল হোৱাৰ অন্যতম কাৰণ সম্ভৱত পৃথিৱীৰ মেৰু পৰিবর্তন। উত্তৰ আৰু দক্ষিণ মেৰু ওলটি গৈছে, ইয়াৰ পূৰ্বেও এনেকুৱা ঘটিছে, মোটামুটি প্রতি আঢ়াই লক্ষ বছৰত এনেকুৱা ঘটি থাকে। ইয়াৰ ফলত ক্ষতিকৰ মহাজাগতিক ৰশ্মিৰ পৰা চৌম্বক ক্ষেত্রই যেনেদৰে পৃথিৱীক ৰক্ষা কৰিছে তাত পৰিবর্তন ঘটিব, পৰিবর্তন ঘটিব মহাকাশৰ বতাহতো।
ইয়াৰ ফলত উপগ্রহসমূহ নিষ্ক্ৰিয় হৈ যাব পাৰে, সমগ্ৰ বিশ্বৰ যোগাযোগ ব্যৱস্থা ক্ষতিগ্রস্ত হ’ব পাৰে। বন্ধ হৈ যাব পাৰে টেলিকম নেটৱর্ক, মোবাইল ফোনো। আনকি এই অঞ্চলেদি যোৱা বিমানসমূহো নিৰাপদ নহয় বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। সেয়ে ভৰসা এটাই, উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ স্থান পৰিবর্তন একেদিনে নঘটে। অর্থাৎ আমাৰ হাতত এতিয়াও যথেষ্ট সময় আছে।