“লক-ডাউনে” আগভেঁটি ধৰিলেও নিজস্ব বাট নিৰ্মাণ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনে। জনসাধাৰণ আগবাঢ়িব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ আহিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্নটা বিষয়। য’ত ছবিসমূহৰ মুকলিৰ বাবে OTT platform ৰ বিচাৰ কৰা হৈছে তাতেই আকৌ নতুন গীত সমূহকো জনসাধাৰণক হতাশাৰ পৰা আঁতৰি ৰখোৱা স্বাৰ্থত মুকলি কৰি দিয়া হৈছে। একেটা বিষয়বস্তুক লৈ প্ৰত্যেকদিনাই কথা পতাটো আমনি দায়ক ও হতাশপূৰ্ণ। ফলত; মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত ভিন্ন কলা-কুশলী লগ হৈ নিজ নিজ দায়িত্ব বুজি তেওঁলোকৰ একোটা সৃষ্টিক আগবঢ়াইছে জনসাধাৰণৰ মাজত। এনেই এটি নতুন গীতৰ সৈতে আহি আছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী ও নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী অনুৰাগ শইকীয়া। “লুকা-ভাকু” শীৰ্ষক এটি গীতৰ সৈতে আহি আছে দুই কন্ঠশিল্পী।

ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তি পোৱা গীতটিৰ পোষ্টাৰ খনেই আকৰ্ষণ কৰিছে দৰ্শকক। নতুনত্বৰ সোঁৱাদ পোৱাৰ লগতে পূৰণি দিনৰ ফটোৰ দৰেই কিছু স্মৃতিক ধৰি ৰখা হৈছে গীতটোৰ পোষ্টাৰ খনত। গীতটিত অভিনয় কৰিছে অভিজিৎ শৰ্মা লগতে ভায়লিনা ডেকাই। উক্ত গীতটিৰ সংগীত টাইফুন এক্স পিংকুলৰ আৰু গীতটিৰ কথা ডানিশৰ। ইয়াৰ লগতে, সান্নিধ্য ভূঞাৰ সংগীত পৰিচালনাৰে দৃশ্যগ্ৰহণ আৰু সম্পাদনা তিৰাপ সীমান্ত মেধিৰ। তিৰাপৰ সৈতে দৃশ্যগ্ৰহণত সহায় কৰিছে এন.জে। ভি.এফ.এক্স আৰু জি.এফ.এক্সৰ দায়িত্বত আছে ৰামজ্যোতি কৃষ্ণচৰণ।

শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত প্ৰিয়ংকা ভৰালীৰ “চোৱানা এবাৰ” শীৰ্ষক গীতটিয়ে ইতিমধ্যে লাভ কৰিছে বহুল জনপ্ৰিয়তা। বহু বছৰৰ অন্তত এটি ৰোমান্টিক গীতৰ জৰিয়তে অহা প্ৰিয়ংকা ভৰালীৰ গীতসমূহৰ জনপ্ৰিয়তা নক’লেও বুজিব পৰা যায়।













