ASSAM TIMES POST
অসমত পুনৰ ৩৩ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ১০ গৰাকী নগাঁৱৰ, ৮ গৰাকী কামৰূপ মহানগৰৰ, ৭ গৰাকী কাছাৰৰ, এগৰাকী হোজাইৰ, এগৰাকী ডিমা হাচাওৰ, দুগৰাকী কৰিমগঞ্জৰ, দুগৰাকী হাইলাকান্দিৰ ৷ দুগৰাকীৰ সংক্ৰমণস্থলী নিশ্চিত হোৱা নাই ৷
ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক’ৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৮৩১গৰাকীলৈ। টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত সম্প্ৰতি ৭৩৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷













