ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত পুনৰ ২৪ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ১১জন গোৱালপাৰা, ৩জন নলবাৰী, ৩জন তিনিচুকীয়া, ২জন ডিব্ৰুগড়, ১জন কামৰূপ, ১জন নগাঁও, ১জন কাৰ্বিআংলং আৰু ১জন ধুবুৰীৰ আৰু এজন লোকৰ সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
অসমত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা।মাজনিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বৰ্তমানে এই ভাইৰাছত আক্ৰান্ত হৈ ৭৭০জন চিকিৎসাধীন হৈ আছে। ইয়াৰে মাজত সুস্থ হৈও উঠিছে ১০১গৰাকী লোক ।













