ASSAM TIMES POST
নিউজ ডেস্ক:
চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হবলৈ মাজত আৰু দুটা দিন।পঞ্চম পৰ্যায়ৰ লকডাউন ঘোষণাক লৈ ৰাজ্যবাসী মাজত চৰ্চাৰ চলি থকা সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে পঞ্চমপৰ্যায়ৰ লকডাউন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ইংগিত।গুৱাহাটী কোভিড-১৯ চিকিৎসালয় মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কয় “ভাৰত চৰকাৰে যি সিদ্ধান্ত লব সেইয়া ৰাজ্য চৰকাৰে কাৰ্যকৰি কৰিব।লকডাউন যদি উঠাই লয় তেন্তে ৰাতি সান্ধ্যা আইন যাতে বাহাল থাকে তাৰ বাবে অব্যাহত ৰাখিবলৈ অসমৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে”।
মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ জনতা সামাজিক দূৰত্বত লৈ সজাগ হৈছে আৰু মানি চলিছে।পৰ্যায় অনুসৰি স্কুল-কলেজ, শ্বপিং মল খোলা ব্যৱস্থা কৰা হ’ব। প্ৰথম অৱস্থাত দশম আৰু দ্বাদশ শ্রেণী ছাত্ৰ-ছাত্ৰী সকলৰ ক্লাছ সমূহ আৰম্ভ হ’ব।পৰ্যায় ক্ৰমে নৱম আৰু অন্যান্য ক্লাছ সমূহ মুকলি হ’ব।শ্বপিংমল সমূহৰো প্ৰথম পৰ্যায়ত ৫০% মুকলি হ’ব- মন্ত্ৰী শৰ্মাই জানিব দিয়ে।
অৱশ্যে এই সন্দৰ্ভত আলোচনা চলি আছে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া আমি মানি চলিম- মন্ত্ৰী গৰাকীয়ে লগতে কয়।
তাপৰ্যপূর্ণ কথা এই যে চতুৰ্থ পৰ্যায়ৰ লকডাউন ৩১মে’ত অন্ত পৰিব।













