ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱা বাবে ফেৰী সেৱা বন্ধ।বন্ধ ঘোষণা কৰিলে কামৰূপ(ম) জিলাৰ প্ৰশাসনে।আজি পৰা ৩১মে’ লৈকে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ সকলো ফেৰী চলাচল।উল্লেখ ৰাজ্যত বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰিছে।তাৰ বাবে ফেনে-ফুটুকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ।
গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমা ৪৯.৬৮।বৰ্তমানলৈকে বিপদসীমা অতিক্ৰম কৰা নাই যদিও পূৰ্বে প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰিছে ফেৰী চলাচল।
গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰনা আতংকৰ মাজতে ৰাজ্যত বানে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্য হাজাৰ হাজাৰ গাঁও।













