ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত ক’ৰনা ভাইৰাছ আক্রান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে আছে এক ভাল খবৰ।আজি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ক’ৰনাৰ স্বতন্ত্ৰ চিকিৎসালয় শুভাৰম্ভণি কৰা হয় অসমত।উন্নত মানৰ প্ৰযুক্তিৰে নিৰ্মান কৰা বিশেষ ক’ৰনাৰ চিকিৎসালয়খন নিৰ্মান কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ নতুন বিল্ডিংত।নৱ-নিৰ্মিত ক’ৰনা চিকিৎসালয় খনত সংলগ্ন কৰা হৈছে আ’ল্টা ভায়লেট যুক্ত ৰে’।লকডাউনৰ সময়তে কানাডা পৰা আনি বিশেষ প্ৰযুক্তি সমূহ চিকিৎসালয় খনত স্থাপন কৰা হৈছে।যাৰ জৰিয়তে ক’ৰনাৰ ভাইৰাছ সংক্ৰমন ৰোধ কৰিব পৰা যাব।এই কথা অৱগত কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।চিকিৎসালয় খন উদ্বোধন কৰি তেওঁ লগতে কয় চিন্তমিক ক’ৰনা আক্রান্ত ৰোগী সকলক ইয়াত চিকিৎসা কৰা হব।ৰাজ্য স্বাস্থ্য বিভাগৰ বাবে আজি গুৰুত্বপূৰ্ণ দিন।
গুৰুত্বপূৰ্ণ কথা এই যে উত্তৰ-পূৰ্বৰ ভিতৰতে প্ৰথমখন স্বতন্ত্ৰ ক’ৰনা চিকিৎসালয়ত ১৮০খন বিছনা আৰু ৬০খন আইচিইউ বেড আছে।লগতে লেব আৰু জটিল অষ্টোপ্ৰচাৰ কৰিব পৰা বিশেষ কক্ষ।নতুন দিল্লীৰ এইমছত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে-মন্ত্ৰী শৰ্মাই কয়।

চুপাৰ স্পেচিয়েলিটি চিকিৎসালয় বাবে প্ৰায় ১.৫০কোটি টকা ব্যয় কৰি নিৰ্মান কৰা হৈছিল বিশেষ বিল্ডিঙটো।ক’ৰনা যেতিয়ালৈকে থাকিব তেতিয়া লৈ এই চিকিৎসালয় চলি থাকিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
চিকিৎসালয় খনৰ শুভাৰম্ভনি অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত আছিল।

উল্লেখ যে ৰাজ্যত শেহতীয়া ভাৱে দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত সংখ্যা।তাৰ মাজতে ক’ৰনাৰ আক্ৰান্ত চিকিৎসাৰ বাবে সুকীয়া চিকিৎসালয় স্থাপনে সাহস বৃদ্ধি কৰিছে ৰাজ্যবাসী।













