ASSAM TIMES POST
নিউজ ডেস্ক :
কৰোনা ভাইৰাছ সংক্রমিত দেশৰ তালিকাত বিশ্বত নৱম স্থানলৈ উন্নীত হ’ল ভাৰত। কৰোনাত আক্রান্তৰ হিচাবত আমেৰিকা, ব্রাজিল, ৰাছিয়া, ব্রিটেইন, স্পেইন, ইটালি, ফ্রান্স, জার্মানীৰ পিছতেই আছে ভাৰত।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসাৰি, বিগত ২৪ ঘণ্টাত ভাৰতত আক্রান্ত হৈছে ৭ হাজাৰ ৪৬৬জন। এটা দিনতে ইমান সংখ্যক লোক ইয়াৰ পূৰ্বে সংক্রমিত হেৱা নাছিল। এই বৃদ্ধিৰ জৰিয়তে কৰোনা ভাইৰাছত দেশত মুঠ আক্রান্ত হ’ল ১ লক্ষ ৬৫ হাজাৰ ৭৯৯ জন। ৰাজ্য হিচাপত আক্রান্তৰ সংখ্যা সকলোতকৈ বেছি মহাৰাষ্ট্র, তামিলনাডু, দিল্লী আৰু গুজৰাটত।













