ASSAM TIMES POST
ডিজিটেল ডেস্ক:
কেৱল কৰোনাই নহয়, আচলতে ভাইৰাছৰ সুপ্ত আগ্নেয়গিৰিৰ ওপৰত বহি আছে মানুহ। যিকোনো মুহূর্ততে তাৰ বিস্ফোৰণ হ’ব পাৰে। এনেদৰেই জনাইছে বিজ্ঞানী-গৱেষসকলে। তেওঁলোকে কয়, মানুহৰ স্বাস্থ্যক অন্য প্রাণী জগৎ, উদ্ভিদ জগৎ বা সামগ্রিক পৰিবেশৰ পৰা বিচ্ছিন্ন কৰি চোৱাৰ সময় উকলি গৈছে। বৰং এই চাৰিটা বিন্দুৰ মাজত সংযোগ সৃষ্টি কৰিব নোৱাৰিলে ভৱিষ্যতে ভাইৰাছ সংক্রমণৰ হাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব পাৰে।
বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ ‘ছাউথ-ইষ্ট এছিয়া ৰিজিঅন অফিচ’-ৰ ‘কমিউনিকেবল ডিজিজেছ’-ৰ প্রাক্তন ডিৰেক্টৰ ৰাজেশ ভাটিয়াই জনোৱা মতে, এই মুহূর্তত প্রায় চাৰে দহ লাখ অচিন ভাইৰাছ আছে মানুহক বাদ দি অন্য প্রাণী জগতত। সেইবোৰৰ ভিতৰত কমপক্ষেও সাত লাখ ভাইৰাছেই যিকোনো ৰোগ সংক্রমণ ঘটাবলৈ সক্ষম। ইয়াৰ ভিতৰত মাত্র ২৬০টা ভাইৰাছকহে চিহ্নিত কৰা হৈছে। তেওঁৰ মতে, ‘‘মানুহৰ স্বাস্থ্য আৰু পশু-পক্ষীৰ স্বাস্থ্যৰ সমস্যাক পৃথকভাৱে চালে নহ’ব। ‘ৱান হেলথ’ নীতিৰ মাধ্যমেৰে ৰোগক চিনাক্ত কৰিব লাগিব আৰু সংক্রমণৰ আৰম্ভণিতেই তাক বন্দী কৰিব লাগিব। নহ’লে বন্যজন্তুৰ মাজত এনেকুৱা আৰু বহু কৰোনা ভাইৰাছ আছে, যিবোৰৰ পৰা যিকোনো সময়তে ডাঙৰ ধৰণৰ সংক্রমণ বিয়পিব পাৰে।’’













