ASSAM TIMES POST
ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা আৰু ৩৩জনৰ দেহত ধৰা পৰিল কোভিড-১৯ ।বৰ্তমানলৈ অসমত ১০৫৭জনলৈ বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।ইয়াৰে ১১জন গোলাঘাটৰ, ১১জন বিশ্বনাথ চাৰিআলিৰ, ৯জন ওদালগুৰিৰ আৰু ২জন দৰঙৰ।
উল্লেখ্য যে, ৰাজ্যত ৯২৫জন ক’ৰোনাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১২৫জন সুস্থ হৈ উঠিছে।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













