ASSAM TIMES POST
ডিজিটেল ডেস্ক:
কেন্দ্ৰীয় নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথম বৰ্ষপূৰ্তি।যোৱা বর্ষ আজি দিনটোতে দ্বিতীয় বাৰৰ বাবে দেশ শাসনৰ দায়িত্বভাৰ গ্ৰহণ মোডী চৰকাৰখনে।দিল্লী ৰাষ্ট্ৰপ্ৰতি ভৱনত গ্ৰহণ কৰিছিল দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ।
দ্বিতীয় কাৰ্যকালৰ প্ৰথম বর্ষত বহুকেইটা সিদ্ধান্ত । জম্মু-কাশ্মীৰ পৰা সংবিধানৰ ৩৭০ কৰ্তন, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ গৃহীত আদি।
মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি শুভেচ্ছা জনাইছে ৰাজ্য বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।তেঁও কয় “বিগত ছয় বছৰত ভাৰতবর্ষত প্ৰসাৰ উন্নয়ন সম্ভৱ হৈছে”।

ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তিত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কৰি কয় “বিগত বছৰটোৱে ভাৰতবর্ষৰ বাবে বিভিন্ন ঐতিহাসিক সফলতাৰ সাক্ষ্য বহন কৰিছে, যিয়ে আমাৰ গণতন্ত্ৰক মজবুত কৰাৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত ভাৰতক শক্তিশালী হিচাপে পৰিগণিত কৰিলে”।
বিগত ৬ বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সুদক্ষ নেতৃত্ব আৰু দূৰদৰ্শী পথ প্ৰদৰ্শনৰ ফলত প্ৰকৃত অন্ত্যোদয়ৰ ভাবনাৰে দেশত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। এই সময়ছোৱাত প্ৰতিগৰাকী নাগৰিককে চৰকাৰৰ একোটা শক্তিশালী অংশ হিচাপে গণ্য কৰা হৈছে। বৰ্তমান সৰ্বাংগীণ উন্নয়ন আৰু ৰূপান্তৰৰ মাজেৰে আমি এক অভূতপূৰ্ব যুগৰ সাক্ষী হোৱাৰ পথত পূৰ্ণ উদ্যমেৰে আগবাঢ়িছোঁ- লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয়।













