ASSAM TIMES POST
নিউজ ডেস্ক:
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি এবছৰ পূর্ণ হ’ল। ২০১৯ৰ লোকসভা নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ উভতিছিল নৰেন্দ্ৰ মোদী। ৩০ মে’ত দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ শপত বাক্য পাঠ কৰিছিল তেওঁ। দীর্ঘ এটা বছৰ পাৰ হৈ গ’ল তেওঁৰ দ্বিতীয়টো শাসনকালৰ। এই সময়ৰ ভিতৰত দেশ কিমান আগুৱাইছে, চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে, সঙ্কটময় পৰিস্থিতিৰ মুখোমুখি হৈও কেনেদৰে ঘূৰি আহিছে ভাৰত তাৰেই সবিস্তাৰে বৰ্ণনা কৰি দেশবাসীৰ উদ্দেশে এখন চিঠি লিখিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
মোদীয়ে চিঠিত লিখিছে, বিগত বছৰৰ এই দিনটোৰ পৰাই ভাৰতীয় গণতন্ত্রৰ এটা সুবর্ণ অধ্যায় আৰম্ভ হৈ গৈছে। সুদীর্ঘ কেইবা দশক পিছত ভাৰতক এখন পূর্ণ সংখ্যা গৰিষ্ঠতাৰ চৰকাৰ উপহাৰ দিয়ে দেশবাসীয়ে। আৰু ইয়াৰ বাবে দেশৰ ১৩০ কোটি মানুহ আৰু ভাৰতৰ গণতান্ত্রিক ভাবমূর্তিৰ ওচৰত তেওঁ কৃতজ্ঞ। তেওঁ কয়, “দেশ এই মুহূর্তত এক সঙ্কটময় পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে। স্বাভাৱিক পৰিস্থিতি থাকিলে তেওঁ এই বর্ষপূর্তি উদ্যাপন কৰিলেহেঁতেন। মানুহৰ মাজলৈ গ’লহেঁতেন। কিন্তু সেইটো সম্ভৱ নহয় বুলিয়েই দেশবাসীৰ উদ্দেশ্যে এই চিঠি।”













