ASSAM TIMES POST
নিউজ ডেস্ক:
সমগ্ৰ দেশৰ মুঠ ১৪৫খন জিলাক পৰৱর্তী কোভিড হটস্পট হিচাবে চিহ্নিত কৰিলে কেন্দ্রই। এই জিলাসমূহৰ বেছিভাগেই গ্রামীণ ভাৰতৰ অন্তর্গত। বিগত তিনি সপ্তাহত এই জিলাসমূহত কৰোনা সংক্রমণৰ হাৰ অত্যন্ত বাঢ়িছে বুলিও সতর্ক কৰি দিয়া হৈছে।

কেন্দ্রীয় মন্ত্ৰীসভাৰ সচিব ৰাজীব গৌবাই জনাই যে কনেটেইনমেন্ট ব্যৱস্থা ঠিকমতে নহ’লে এই জিলাসমূহ কৰোনা ভাইৰাছৰ অভিকেন্দ্ৰ হৈ উঠিব পাৰে। দেশৰ পৰৱর্তী কোভিড হটস্পট হিচাবে পূর্ব ভাৰতক চিহ্নিত কৰিছে কেন্দ্রই। প্ৰব্ৰজিত শ্রমিকসকল উভতাৰ ফলত বিহাৰ, পশ্চিমবঙ্গ, ওডিশাৰ দৰে ৰাজ্যত কৰোনা আক্রান্তৰ সংখ্যা ঊর্ধ্বগামী হৈছে। কৰোনা সংক্রমণ উদ্বেগজনকভাবে বাঢ়িব বুলি মুঠ ১২খন ৰাজ্যক সতর্ক কৰা হৈছে। প্ৰব্ৰজিত শ্ৰমিকসকল ঘৰলৈ উভতাৰ ফলত ত্রিপুৰা আৰু মণিপুৰৰ দৰে ৰাজ্যত পূৰ্বতকৈ বাঢ়িছে কৰোনা সংক্রমণৰ হাৰ।
দেশত এই পর্যন্তও কৰোনা সংক্রমণৰ হাৰত আগবাঢ়ি আছে মহাৰাষ্ট্র, ৰাজস্থান, তামিলাডু, গুজৰাট, দিল্লী, মধ্যপ্রদেশ আৰু অন্ধ্রপ্রদেশৰ দৰে ৰাজ্য। কিন্তু আগন্তুক দিনত পূর্ব ভাৰতৰ ৰাজ্যসমূহ কৰোনা হটস্পট হৈ উঠিব বুলি আশঙ্কা কৰা হৈছে। বিগত ১৫ দিনত এইসমূহ ৰাজ্যত বাঢ়িছে কৰোনা সংক্রমণৰ হাৰ।













