ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ৮৫ জন। ইয়াৰে ২৬ গৰাকী কোকৰাঝাৰ আৰু চিৰাঙৰ, ২০ গৰাকী হাইলাকান্দিৰ, ১৩ গৰাকী হৈছে কামৰূপৰ, ১৩ গৰাকী ডিব্ৰুগড়ৰ আৰু ৯ গৰাকী যোৰহাটৰ, ২ গৰাকী গোলাঘাটৰ আৰু ২ গৰাকী কাছাৰৰ।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰ সৈতে ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ১১৮৫ জনলৈ বৃদ্ধি। আনহাতে ১৬৩ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।













