ASSAM TIMES POST
নিউজ ডেস্ক:
যোৰহাট জিলা মৰিয়নী সংঘটিত হৈছে হৃদয় বিদাৰক নিৰ্মম হত্যাকাণ্ড।গণ প্ৰহাৰত মৃত্যু হৈছে এজন যুৱক।
মানৱৰূপী এচাম দানৱৰ হাতত প্ৰাণ হেৰুৱাব লগা হোৱা দুৰ্ভগীয়া যুৱক জনৰ নাম হৈছে দেৱাশীষ গগৈ।মৰিয়নী সমষ্টি মিল গাঁওৰ দেৱজিৎ গগৈৰ পুত্ৰ আছিল মৃত দেৱাশীষ।
প্ৰাপ্ত খবৰ মতে যোৱা শুকুৰবাৰে বন্ধু আদিত্য দাস আৰু পিতৃ-ভগ্নী সৈতে মৰিয়নী গাভৰু পৰ্বতৰ আঠাইশ শিল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ঘৰলৈ উভতি আহিছিল।ৰাস্তা এটা গৰুৰ লগত উক্ত অঞ্চলত সংঘটিত হয় দুর্ঘটনা।উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই স্থানীয় একাংশ ৰাইজ উন্মত্ত হৈ সংঘাতত লিপ্ত হয়।উন্মত্ত জনতাই দুৰ্ভগীয়া দেৱাশীষ গগৈক মাটিত বগৰাই-বগৰাই, গছকি বেয়াকৈ প্ৰহাৰ কৰে।বন্ধু গণ প্ৰহাৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে আদিত্যই চেষ্টা চলাইছিল।ৰাইজে অতি নিৰ্মম প্ৰহাৰ কৰা দেৱাশীষক উদ্ধাৰ কৰিব যোৱা বন্ধু আদিত্যকো বেয়াকৈ মাৰ-ধৰ কৰে উত্তেজিত জনতাই।

ইফালে উত্তেজিত ৰাইজৰ পৰা বন্ধুক উদ্ধাৰ কৰাৰ বাবে নিৰূপায় হৈ আদিত্যই চেষ্টা কৰিয়ো বিফল হৈছিল।পিতৃ আৰু ভগ্নী ঘটনাস্থলীত উপস্থিত থাকিও গণ প্ৰহাৰ পৰা সন্তান আৰু ভাতৃক উদ্ধাৰ কৰিব পৰা নাছিল।উন্মত্ত জনতাই পিতৃ-ভগ্নীক গাড়ী ভিতৰতে আৱদ্ধ কৰি চকুৰ আগতে প্ৰহাৰ কৰিছিল।উপস্থিত থকা ৰাইজৰ সহায় বিচাৰি পিতৃ-বায়েকে চেষ্টা চলাই কাতৰ অনুৰোধ কৰিছিল উদ্ধাৰৰ বাবে। কিন্তু উন্মত্ত জনতাই পিতৃ-বায়েকক আৱদ্ধ কৰি তেওঁলোকৰ সন্মুখতে তাক প্ৰহাৰ কৰিছিল।এটা সময়ত ৰাইজৰ মাজৰ পৰা তাক উদ্ধাৰ কৰি ভৰ্ত্তি।কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।কিন্তু শনিবাৰে মৃত্যু হয় বেয়াকৈ আঘাত পোৱা যুৱক দেৱাশীষকৰ।
ইফালে বেয়াকৈ প্ৰহাৰ কৰা বন্ধু আদিত্যয়ো বৰ্তমান ভৰ্ত্তি হৈ আছে চিকিৎসালয়ত।
ইফালে সমগ্ৰ ঘটনাৰ সদৰ্ভত মৰিয়নী সমষ্টি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে দেৱেৰাপাৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াক দোষীক শাস্তি বাবে যোৱা ২৯ মে’ দিনা নির্দেশ দিয়া বুলি জানিব দিয়ে।শনিবাৰে যুৱকজনৰ মৃত্যু হোৱা কথা পুনৰ জানিব পাৰি আৰক্ষীক দোষীয়ে যাতে কঠোৰ শাস্তি পায় তাৰ বাবে তাক্ষনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব দিছে বিধায়ক কুর্মীয়ে।

মৃত দেৱাশীষৰ আত্মা সতগতি কামনা তথা পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁ কয় “দোষী কোনো ধৰ্ম, জাতি, বৰ্ণ নাই।দোষী দুষীয়ে।উপযুক্ত শাস্তি পোৱাটো কামনা কৰিছোঁ”।
আনহাতে মৃত যুৱজনৰ মৰুণোত্তৰ পৰীক্ষা কৰা সময়ত যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত থাকে বিধায়ক কুর্মী।













