ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত এটাৰ পাছত এটাকৈ দুৰ্যোগ হৈ থকাত চিন্তাৰ বিষয় হৈ পৰিছে৷ এফালে ক’ৰোনা ভাইৰাছ সংক্ৰমণ আৰু তেনে সময়তে পশ্চিম বংগ আৰু ওড়িশ্যাত মহা ঘূৰ্ণিবতাহৰ তাণ্ডৱৰ বিভীষিকা মাৰ নৌ যাওতেই এইবাৰ উত্তৰ প্ৰদেশত প্ৰৱল ধুমুহা আৰু বৰষুণ৷ এই প্ৰৱল ধুমুহা–বৰষুণত তচনচ হৈ পৰে উত্তৰ প্ৰদেশৰ কেইবাখনো জিলা। শনিবাৰে সন্ধিয়াৰে পৰা ধুমুহাৰ তাণ্ডৱ আৰম্ভ হয় বিজেপি নেতা যোগী আদিত্যনাথৰ ৰাজ্যত৷ এই ধুমুহা–বৰষুণৰ লগতে বজ্ৰ পৰি ২৮জন লোকৰ মৃত্যু হৈছে।
ইয়াৰ ভিতৰত ৮জন লোক উন্নাও জিলাৰ বুলি প্ৰকাশ। আনহাতে শনিবাৰে উত্তৰ প্ৰদেশত এই ধুমুহাৰ তাণ্ডৱত তচনচ হৈ পৰে বহু গাঁও। বাসগৃহৰ লগতে ভাঙি পৰে বহু গছ–গছনি। বৃহৎ পৰিমাণৰ ক্ষয়ক্ষতি হয় এই ধুমুহা–বৰষুণৰ ফলত। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ দিয়াৰ কথা ঘোষণা কৰিছে। আনহাতে এই প্ৰকৃতিৰ তাণ্ডৱত উত্তৰ প্ৰদেশত বহু লোক গৃহহীন হৈছে।













