ASSAM TIMES POST
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২২জনকৈ লোক।আজি ২২ গৰাকী কোভিড-১৯ ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সুস্থ হোৱা লোকসকলৰ ১৬ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত, ৪ গৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা ১৮৫বিপৰীতে ১০৮০জন এতিয়াও চিকিত্সাধীন হৈ আছে।













