ASSAM TIMES POST
নিউজ ডেস্ক:
লাডাখত চীনৰ আগ্ৰাসনৰ বিপৰীতে সেই দেশৰ পণ্য বৰ্জনৰ আহ্বান কৰিছে ‘থ্ৰী ইডিয়ট’ খ্যাত ছোনম ৱাংচুকে৷ তেওঁৰ আহ্বানৰ উপৰি ‘টিকটক’ এপৰ পৰা আঁতৰি আহিল অভিনেতা তথা মডেল মিলিন্দ ছুমন৷ লগতে দিলে চীনা পণ্য বৰ্জনৰ আহ্বান৷ চীনৰ প্ৰতিষ্ঠানবোৰে ভাৰতত ব্যৱসায় কৰিছে৷ তেওঁলোকৰ পৰিসেৱা ব্যৱহাৰ কৰিছে এই দেশৰ নাগৰিকে৷ সেই টকাৰে চলাইছে চীনৰ সেনা বাহিনী৷ শিক্ষা সংস্কাৰক ছোমন ৱাংচুকেৰ ভিডিঅ’ বাৰ্তাত চীনৰ বুলেটৰ প্ৰত্যুত্তৰ দিছে৷ নাগৰিকে দিব বিপৰীতে৷ এই ভিডিঅ’টো টুইট কৰি ছুপাৰ মডেল মিলিন্দ ছুমনে লিখিছে, টিকটক এৰিলো৷ #BoycottChineseProducts৷
উল্লেখ্য যে এটা গৱেষণাত দেখা গৈছে যে চীনৰ এপ টিকটকৰ সবাতোকৈ বেছি ব্যৱহাৰকাৰী ভাৰতীয়৷ ১২ কোটি মানুহে এই এপটো ব্যৱহাৰ কৰে ভাৰতত৷ এনে ধৰণৰ এপবোৰ বাতিল কৰিবলৈ আহ্বান জনাইছে ছোনম ৱাংচুকে৷ লকডাউনত ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে দেশক আত্মনির্ভৰ হোৱাৰ আহ্বান কৰিছিল৷ স্বদেশী সামগ্ৰী কিনিবলৈ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ তাৰ আগেয়ে ‘মেক ইন ইণ্ডিয়া’ কৰ্মসূচী লৈছিল নৰেন্দ্ৰ মোডী চৰকাৰে৷ সেই সুৰতে হিমালয়ৰ মাজত সিন্ধুপাৰত বহি ৱাংচুকে কয়, চীনা পণ্য বৰ্জন কৰিলে সেই দেশৰ অৰ্থনীতিৰ ওপৰত চাপ পৰিব৷ ইয়াৰ ফলত চৰকাৰ পতন হোৱাৰ সম্ভাৱনাও আছে৷ কেৱল এই বাৰ্তা দিয়াই নহয়, এসপ্তাহৰ ভিতৰত চীনা ম’বাইল ব্যৱহাৰ নকৰে বুলিও জনায় ছোমন ৱাংচুকে৷













