ASSAM TIMES POST
নিউজ ডেস্ক:
আতংকৰ মাজতে এক ভাল খবৰ।ৰাজ্য স্বাস্থ্য বিভাগে ক’ৰনা বিৰুদ্ধে সম্পূৰ্ন কৰিলে একলাখ নুমনা পৰীক্ষা।এই কথা অৱগত কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্য ৭ টাকৈ লেবট এতিয়া পৰা প্ৰতিদিনে ১০ হাজাৰ নমুনা পৰীক্ষা হব।
উল্লেখ যে আগন্তক ১৫ জুনৰ ভিতৰত ২লাখ পৰীক্ষা সম্পূৰ্ন কৰাৰ বাবে ৰাজ্যস্বাস্থ্য বিভাগে প্ৰচেষ্টা চলাব বুলি মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে।
ৰাজ্য চিকিৎসাসেৱা, পুলিচ, জৰুৰীকালীন সেৱা লগত জড়িত কৰ্মচাৰী সকলে দৃষ্টান্ত মূলক মানৱ সেৱাত জড়িত হৈছে।
ইফালে আগন্তক দিনত ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থা কিছু পৰিৱৰ্তন ঘটোৱা হৈছে।মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি চৰকাৰী বিশেষ কোৱাৰেণ্টা ৪ দিনলৈ হ্ৰাস কৰা হব।বাকী ১০দিন লোকজন হোম কোৱাৰেণ্টাইন হব লাগিব।
প্ৰতিজন লোকৰ নুমুনা পৰীক্ষাৰ ফলাফল ৭২ ঘণ্টা ভিতৰত দিয়া হব।
যিসকল ক’ৰনা আক্রান্ত কোনো লক্ষণ নাথাকিব তেওঁলোকক ৰাজ্য আদৰ্শ চিকিৎসা লয়ত ৰখা হ’ব।বৃদ্ধা, গৰ্ভৱতী আদি সকলক জিলা চিকিৎসালয় আৰু লক্ষণ থকা ক’ৰনা আক্রান্ত সকলক মেডিকেল কলেজ হাস্পতাল সমূহত ৰখা হব- মন্ত্ৰী শৰ্মা কয়।ৰাজ্যত ৫০খন আদৰ্শ চিকিৎসালয় ইতিমধ্যে সাজু হৈছে।
অসমে নিজৰ আৰ্হি প্ৰস্তুত কৰি এতিয়া ক’ৰনা বিৰুদ্ধে আগবাঢ়ি বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “ৰাজ্যত ১২০০ ৰোগী হৈছে যদিও ভালখবৰ এইয়ে সমাজত ক’ৰনা হোৱা নাই”।
আনহাতে মহাৰাষ্ট্ৰ ৩৫২, তামিলনাডু ৩৩৩ আৰু দিল্লীৰ পৰা অহা ১৩৪ জন লোকৰ দেহত ধৰা পৰিছে সৰ্বাধিক ৰাজ্যত ক’ৰনা।
জিলা হিচাপত হোজাই সৰ্বাধিক ১৭৭জন, গোলাঘাট ১৬০জন , কামৰূপ(ম) ১৩৪জন আক্রান্ত হৈছে।মাজুলী জিলাত সৰ্বনিম্ন ১জন আক্রান্ত হৈছে।













