ASSAM TIMES POST
নগাঁও :
কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দীঘলীয়া লকডাউনৰ সময়ছোৱাত অন্যান্য পেশাৰ লগতে ফটোগ্ৰাফাৰ সকলো লোকচানৰ সন্মুখীন হবলগাত পৰে । বিশেষকৈ লকডাউনৰ সময়ছোৱাত বিহু উৎসৱ,সংস্কৃতিত অনুষ্ঠান, সভা- সমিতি আদি ৰাজহুৱা অনুষ্ঠানৰ লগতে পৰিয়ালসমূহত সততে অনুষ্ঠিত হোৱা বিবাহ,উপনয়ন,অন্নপাষন জন্মদিন আদিও প্ৰায় বন্ধ হৈ পৰে । আনহাতে লকডাউনৰ নীতি নিৰ্দেশনা মানি সীমিত পৰিসৰত উক্ত সময়ছোৱাত দুই এখন বিবাহ কার্য অথবা অন্যান্য ব্যক্তিগত অনুষ্ঠানহে সম্পন্ন হয়।এনে পৰিস্থিতিত বিভিন্ন সমাজিক তথা ব্যক্তিগত অনুষ্ঠানৰ কাৰ্যসূচীসমূহৰ স্থিৰচিত্ৰ অথবা ভিডিঅ’ ফটোগ্ৰাফী কৰা ফটোগ্ৰাফাৰসকল কৰ্মহীন হৈ পৰে। আৰ্থিক সংকটত ভোগা ফটোগ্ৰাফাৰসকলৰ কাষত এনে সংকটৰ সময়ত থিয় দিয়া লোকৰ অভাৱ ঘটিছে ।
সেয়ে ফটোগ্ৰাফীক পেশা হিচাপে গ্ৰহণ কৰা নগাঁৱৰ গৰিষ্ঠ সংখ্যক ফটোগ্ৰাফাৰে তেওঁলোকৰ নিৰাপত্তাৰ স্বাৰ্থত আজি এক ফটোগ্ৰাফী সংগঠনৰ জন্ম দিয়ে। জ্যেষ্ঠ ফটোগ্ৰাফাৰ অসীম কুণ্ডক সভাপতি আৰু কানু লস্কৰক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা ‘নগাঁও ফটোগ্ৰাফাৰ এচ’ছিয়েচন’ৰ অন্যান্য বিষয়ববীয়াসকল হৈছে- সুশান্ত সৰকাৰ (উপ সভাপতি), জ্ঞানদ্বীপ বৰা( সহ: সাধাৰণ সম্পাদক), গৌতম শৰ্মা( সহ: সাধাৰণ সম্পাদক), দেবু পাল (কোষাধ্যক্ষ), মুনজ্যোতি নাথ(সহকাৰী কোষাধ্যক্ষ), ৰমণী বৰা ( প্ৰচাৰ সম্পাদক) । আনহাতে সমিতিৰ সদস্য সকল হৈছে- জানমনি বেজবৰা, পাপু পেটেল, বিপুল গুন,মৃগাংক বৰা আৰু পিংকু শইকীয়া ।উল্লেখ্য, ফটোগ্ৰাফাৰসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানত সমিতিৰ সকলো সদস্যই ঐক্যবদ্ধ ভাৱে থিয় দিয়াৰ পোষকতা কৰে।













