ASSAM TIMES POST
অজন্তা তালুকদাৰ:
বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্রগতিৰ বিষয়ে সবিশেষ আলােচনা কৰিবৰ বাবে আজি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত এখনি মহকুমা উন্নয়নী সভা অনুষ্ঠিত কৰা হয়। মহকুমাধিপতি বিবেক শ্যামৰ উপস্থিতিত সামাজিক দূৰত্ব মানি আয়ােজন কৰা এই উন্নয়নী সভাত কৃষি, পশু-পালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰিকৰী, গড়কাপ্তানী পথ তথা গৃহ, জলসম্পদ, বিদ্যুৎ আদি বিভাগৰ উন্নয়নমূলক কাজ-কাজৰ খতিয়ান লােৱা হয়। মহকুমাধিপতিগৰাকীয়ে গড়কাপ্তানী (পথ) বিভাগক বিভিন্ন আঁচনিৰ অধীনত বর্তমান মহকুমাটোত চলি থকা পথ সমূহৰ নির্মান কার্য ক্ষিপ্ৰ কৰি তােলাৰ লগতে মহকুমাটোত এচ, অ, পি, ডি আঁচনিৰ অধীনৰ সকলােবােৰ ৰাস্তাৰ নির্মানৰ কাম আগন্তুক জুলাই মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে।
ইয়াৰ উপৰিও গড়কাপ্তানী (গৃহ) বিভাগৰ পৰা বোকাখাত ৰাজহুৱা খেল পথাৰত নির্মান কাৰ্য্য চলি থকা ক্রীড়া প্রকল্পটোৰ কামৰ অগ্রগতি খতিয়ান লােৱাৰ লগতে নিৰ্দ্ধাৰিত সময়ত যাতে ক্রীড়া প্রকল্পটোৰ কাম সম্পূর্ণ হয় তাৰ প্রতি লক্ষ্য ৰাখিবলৈ নির্দেশ দিয়ে। আনহাতে সভাত মহকুমা পশুপালন বিভাগৰ বিষয়া ডাঃ ৰঞ্জিত বৰাই জানিব দিয়ে যে বর্তমান মহকুমাটোত কোনাে গাহৰিৰ অস্বাভাৱিক মৃত্যু হােবা নাই আক এই পশুপালন বিভাগে সতর্ক দৃষ্টি ৰাখিছে। মহকুমাধিপতিগৰাকীয়ে কৃষি বিভাগক বিভিন্ন চৰকাৰী কৃষি আঁচনি মহকুমাটোত সফল ভাবে ৰূপায়ন কৰিবলৈ তথা যুৱ প্রজন্মক কৃষিক্ষেত্রত আত্মনিয়ােগ কৰিবলৈ উৎসাহ যােগাবলৈ আহ্বান জনায়।
আনহাতে মহকুমাটোত উদ্যান কৃষি কর্মৰ ক্ষেত্ৰত আশা কৰা মতে সফলতা লাভ কৰিছে বুলি মহকুমা কৃষি বিষয়া ৰঞ্জিত শর্মাই জানিবলৈ দিয়ে।মহকুমাধিপতি বিবেক শ্যামে বর্তমানৰ সময়ছােৱাত কৃষি, পশুপালন, দুগ্ধ উৎপাদন আদি ক্ষেত্রত মাতে যুৱ প্রজন্মক নিয়ােজিত কৰিব পৰা যায় তাৰ বাবে প্রয়ােজনীয় সুবিধা আৰু প্রশিক্ষণ আগবঢ়াবলৈ বিভাগীয় মূৰব্বীসকলক আহ্বান জনায়। বৰ্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সকালে বিভাগকে নিষ্ঠা সহকাৰে সামাজিক দূৰত্ব মানি চলি কাম কৰি যাবলৈ মহকুমাধিপতিগৰাকীয়ে পৰামর্শ দিয়ে।













