ASSAM TIMES POST
অজন্তা তালুকদাৰ:
৬০০ বছৰীয়া আহোম ৰাজত্ব-কালৰ ধোদ ৰূপে কুখ্যাত একাংশক লৈ ৰাজশক্তিয়ে অসমত নিৰ্মাণ কৰিছিল বিশ্বতে ব্যতিক্ৰম ধোদৰ আলিৰ। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ধোদৰ ভাও ধৰি কামৰ পৰা পলায়ন কৰা একাংশ লোকক বন্দী কৰি নিৰ্মাণ কৰোৱাইছিল ২১২ কিলোমিটাৰ এই দীঘল পথ।
গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈকে ব্যাপ্ত এই পথে উজনি অসমৰ গ্ৰাম্য জনজীৱন, গ্ৰাম্য অৰ্থনীতি সকলোতে ব্যাপক প্ৰভাৱ পেলাই আহিছে। কিন্তু মধ্যযুগৰ এই কাৰিকৰী শক্তিক বৰ্তাই ৰাখিবলৈ অসমৰ্থ হৈছে যেন আধুনিক মানুহ।
বৰ্তমান এই পথৰ জৰাজীৰ্ণ ৰূপে শোকাবহভাৱে আধুনিক মানুহৰ অচল প্ৰযুক্তিৰ পয়ালগা অৱস্থা উদঙাই দিছে। অৱশ্যে এই প্ৰতিবেদন কমাৰগাঁৱৰ পৰা গোলাঘাটলৈ এই অংশৰ দুৰৱস্থাহে ডাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।
মূলতঃ এই অংশই হৈছে ধোদৰ আলিৰ দুৱাৰমুখ। কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হোৱা পথচোৱা আৰম্ভণিৰ পৰাই বিপদজনক। বৰ্তমান প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। সৰু গাড়ী চলাৰ মুঠেও উপযোগী নহয়। ১৬৮১ চনৰ পৰা ১৬৯৫ চনলৈ ১৪ বছৰত আহোম ৰজাৰ দৃষ্টিত ধোদ বুলি চিহ্নিত অপটু বনুৱাই সাঁজি উলিওৱা এই পথৰ অৱস্থা স্বাধীনতাৰ ৭৩ বছৰৰ পাছতো অধোগতি।
গতিকে স্বাভাৱিকতেই প্ৰশ্ন উঠিব প্ৰকৃততে ধোদ কোন, আহোম ৰাজত্ব কালৰ সেই ধোদ সকল নে শেহতীয়া প্ৰযুক্তিৰ উচ্চ শিখৰত আৰোহণ কৰা বিভাগীয় কৰ্তৃপক্ষ! বছৰ বছৰ ধৰি একেদৰেই পৰি আছে ৰুগ্ন, ভগ্ন, মৃতপ্ৰায় ধোদৰ আলিৰ গোলাঘাট জিলাৰ এই অংশ। ভগা অংশ সমূহৰ কোনো মেৰামতি নকৰি নতুনকৈ নিৰ্মাণৰ কোনো আঁচনি নলৈ কিয় মাজে মাজে ১০/১২ মিটাৰকৈ চি চি ব্লক দিয়া হৈছে সেয়াও প্ৰশ্নৰ বিষয়।
পথৰ দুয়োকাষে হাবি। গড়কাপ্তানি বিভাগৰ বনুৱাই নিয়মীয়াকৈ এই হাবি বন কাটিব লাগে যদিও তাকো কৰা নাই। আগবাঢ়ি অহা হাবিয়ে যেন ঢাকি ধৰিব ধোদৰ আলি। ঢাকি ধৰিব আধুনিক কাৰিকৰী কৌশলৰ গাম্ভীৰ্যক। গতিকে এই ঐতিহ্যমণ্ডিত পথৰ দুৰৱস্থাই অতিব্যতিব্যস্ত কৰিছে সাধাৰণ ৰাইজক।
পূৰ্বৰ চৰকাৰখনৰ গড়কাপ্তানি মন্ত্ৰী গৰাকীয়ে আছিল গোলাঘাট জিলাৰ। বৰ্তমানো অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাট। সেয়েহে স্থানীয় ৰাইজৰ লগতে গোলাঘাট জিলাবাসীয়ে এই চৰকাৰৰ দিনতে এই ঐতিহাসিক পথটিৰ অন্ততঃ গোলাঘাট জিলাৰ অন্তৰ্গত হোৱা অংশৰ সুন্দৰ মেৰামতিৰে মধ্যযুগীয় অসমৰ ঐতিহাসিক কাৰিকৰী দক্ষতাৰ সু-সংৰক্ষণ ঘটিব বুলি আশাৰে বাট চাইছে।













